বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদন্দিতাৰে আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়ঃ

বোকাখাত, ২৪ ছেপ্টেম্বৰঃ বোকাখাতৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান জে ডি এচ জি মহাবিদ্যালয় ৷ মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অহা এক অক্টোবৰত ৷ আজি মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন ৷ প্ৰদান কৰা মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ অন্তত ‘আছু’ সমৰ্থিত পাঁচগৰাকীকৈ প্ৰাৰ্থী বিনাপ্ৰতিদন্দিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে ৷ বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সুত্ৰৰ পৰা জানিব পৰা মতে উপ-সভাপতিৰ পদত দ্বীপজ্যোতি সুবেদী, সহকাৰী সম্পাদকৰ পদত দিপালী বৰ্মন, সাংস্কৃতিক সম্পাদকৰ পদত লখস্মিতা ৰবিদাস, আলোচনী (ইংৰাজী বিভাগৰ) সম্পাদকৰ পদত শিল্পা জয়চোৱাল, সমাজ সেৱা বিভাগত পৰিস্মিতা হাজৰিকা বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে ৷ এই লৈ বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী পাঁচোগৰাকী প্ৰাৰ্থীক গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *