প্লাষ্টিক আৰু কাপোৰৰ পৰিবৰ্তে বাঁহৰ ধাৰিৰে নিৰ্মিত পূজা মণ্ডপ।

৫০ ফুট উচ্চতাৰ নন্দিৰ পিঠিত মহাদেৱ বহি থকা প্ৰতিমুৰ্তিৰ তোৰণ

কাজিৰঙা লাইভ, কলিয়াবৰ, ১ অক্টোবৰ: বৰ্ষা বিঘিনিৰ শংকাৰ মাজে শৰৎ আহিল সন্তৰপনে। ফুলিছে কঁহুৱা, ফুলিছে শেৱালি । ভিন্ন ৰঙৰে সাজিছে ধৰা । ভিন্ন ৰঙী ফুলেৰে সাজি কাঁচি ধৰাই আদৰিবলৈ সাজু হৈছে শাৰদী ৰাণীক । শাৰদীয় দূৰ্গা পূজালৈ মাজত মাথো এতিয়া কেইটামান দিন। মৃন্ময় শিল্পী সকলৰ লগতে পূজা মণ্ডপ নিৰ্মাণত ব্যস্ত হৈ পৰিছে পূজা সমিতি সমূহো । ভক্তক আকৰ্ষণ কৰাৰ বাবে ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণৰ আঘোষিত প্ৰতিযোগিতা চলিছে পূজা কমিটি সমূহৰ মাজত । গ্ৰামাঞ্চলটো আৰম্ভ হৈছে এনে প্রতিযোগিতা । পিছ পৰি ৰোৱা নাই কলিয়াবৰৰ পূজা সমিতি সমূহো । কলিয়াবৰৰ হাতীগাঁওৰ এখন পূজা সমিতিয়ে সাজিছে ব্যতিক্ৰমী তোৰণ । প্লাষ্টিক আৰু কাপোৰৰ পৰিবৰ্তে কুটিৰ শিল্প বাহৰ ধাৰিৰে সাজিছে এটি তোৰণ । নন্দিৰ পিঠিত মহাদেৱ বহি থকা পঞ্চাশ ফুট উচ্চতৰ এক প্ৰতিমূৰ্তিৰ তোৰণ । এক পৰ্ব্বতত অৱস্থান কৰা এই প্ৰতিমূৰ্তি ৰ তলত থকা গুহাৰ মাজৰে প্ৰৱেশ কৰি ভক্তই লাভ কৰিব দেৱী দূর্গাৰ দৰ্শন । তাৰ আগেয়ে পাৰ হব লাগিব এখনি বাঁহৰ সাঁকো । পূজা সমিতি খনে চাৰে চাৰি লাখ টকা বাজেটৰ আঢ়ৈ লাখ টকা খৰচ কৰিব তোৰণ খনত । ইয়াৰ উপৰিও পূজা সমিতি খনে সপ্তমীৰ দিনা দেৱী দূৰ্গাক দৰ্শন কৰিব অহা সকলো ভক্তকে একোটাকৈ গছৰ পুলি উপহাৰ দিয়াৰ লগতে নৱমী দিনা আয়োজন কৰিছে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা এখনি পাল্লা ভাওনা এই পাল্লা ভাওনাখন মহিলাৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *