বোকাখাতৰ ইন্দিৰা গান্ধী উদ্যানত স্বচ্ছ অভিযান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪অক্টোবৰ : নুমলীগড শোধনাগাৰৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ সহযোগত আজি বোকাখাতৰ ইন্দিৰা গান্ধী উদ্যানত চাফাই অভিযান চলোৱা হয়। ৰ’জ ইংলিচ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক সকলেও অংশগ্রহণ কৰে এই স্বচ্ছতা অভিযানত । তাৰ পাছত ইন্দ্ৰেশ্চৰ বৰাই আত ধৰা এখন সভাত বোকাখাতৰ মহকুমা জনসংযোগ বিষয়া মামুন বৰকটকী, কাজিৰঙা লাইভৰ মুখ্য সম্পাদক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, ৰ’জ ইংলিচ হাইস্কুলৰ প্ৰধান শিক্ষক অজয় অধ্যাপক আদি উপস্থিত থাকি বক্তব্য আগবঢ়োৱাৰ লগতে উপস্থিত থাকে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, মনোজ বৰা, জয়ন্ত খাউন্দ। স্বচ্ছ ভাৰত অভিযান অনুসৰি এবাৰ ব্যবহাৰ কৰা প্লাষ্টিক বন্ধ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় সভাখনিৰ জৰিয়তে। ইতিমধ্যে পঞ্চাশ হাজাৰ গছপুলি ৰোপন কৰি গ্ৰাছে বোকাখাতত এক অভিলেখ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *