মহা অষ্টমীত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিলে বোকাখাত শ্ৰী শ্ৰী কাকগোসাঁনী চাতনী থানত

কাজিৰঙা লাইভ, বোকাখাত, ৬ অক্টোবৰ: আজি মহা অষ্টমী। সমগ্ৰ অসমতে শাক্ত ধৰ্মৰ পৰম্পৰা অনুসৰি বিভিন্ন থান দেৱালয় সমূহত অপাৰ শক্তিৰূপিনী দুৰ্গতি নাশিনী মহামায়া দেৱী দুৰ্গাৰ চৰণত অগণন ভক্তই অতীজৰে পৰা হাঁহ,পাৰ,ছাগলী,মহিষেৰে বলি আগবঢ়াই পূজা-সেৱা কৰি আহিছে ৷ ইয়াৰ ব্যতিক্ৰম নঘটিল বোকাখাতৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কাকগোসাঁনী চাতনী থানখনতো ৷ এই ঐতিহ্যমণ্ডিত থানখনলৈ বিগত সময়বোৰৰ দৰেই এইবাৰো আগমন ঘটিল হাজাৰ হাজাৰ ভক্তৰ ৷ আজি মহাষ্টমীৰ দিনা প্ৰায় চাৰিহাজাৰ ভক্তৰ আগমন হোৱা এই থানখনত প্ৰায় আশী যোৰা পাৰ,দুশ আশী মান হাঁহ আৰু প্ৰায় তিনিশ ছাগলীৰ আজি শাক্তধৰ্মী প্ৰথাৰে বলি বিধান হয়।থান খনত ভক্তই আগবঢ়োৱা চাৰিটা ম’হৰ বলি আজি সমাপন নহয়। নৱমীৰ পুৱা ভাগতে এই বৰবলি অনুস্থিত কৰা হব বুলি থান পৰিচালনা সমিতিয়ে জানিব দিয়ে৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা প্ৰতিদিনা পুৱাতেই এই ঐতিহ্যমণ্ডিত থানখনলৈ আগমন ঘটা ভক্তগণৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আশা ব্যক্ত কৰে থানখনৰ পৰিচালনা সমিতিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *