প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি পূজিপতিয়ে কাজিৰঙাত পুতিছে কৃষি ভূমি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ নৱেম্বৰ: বোকাখাত মহকুমা প্ৰশাসনক বৃদ্ধ অংগুষ্ঠ প্ৰদৰ্শন পূজিপতি বণিক গোষ্ঠীৰ ৷ কাজিৰঙাত এফালৰ পৰা পুতিছে কৃষি ভূমি। প্ৰশাসনৰ নিৰ্দেশনাক আওকাণ কৰি একাংশ পূজিপতি বনিক গোষ্ঠীয়ে পুতিছে কৃষি ভূমি। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷ উল্লেখ্য যে, কাজিৰঙাৰ দূৰ্গাপূৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত প্ৰায় ১৬ বিঘাৰ এখন খেতি পথাৰ পুতি হোটেল খোলাৰ প্ৰস্তুতি চলাইছে গুৱাহাটীৰ এজন ব্যৱসায়ীয়ে। বোকাখাত মহকুমা প্ৰশাসনে জাননী যোগে কাম বন্ধ কৰাৰ নিৰ্দেশ দিছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে। ইফালে বোকাখাত মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ যে, বাৰম্বাৰ বোকাখাত মহকুমা প্ৰশাসনক বিষয়টো অৱগত কৰি অহাৰ পাছতো গুৰুত্ব প্ৰদান কৰা নাই মহকুমা প্ৰশাসনে ৷ আনহাতে কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ পৰা নামি অহা পানী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবৰ বাবে পথাৰ খনৰ দাঁতিত থকা দুটাকৈ কালভাৰ্ট পুতি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই কালভাৰ্ট দুটা বন্ধ হৈ গলে দুৰ্গাপুৰ গাওঁখনৰ বাবে বিপদ আহিব পাৰে বুলি মত প্ৰকাশ কৰিছে গাওঁৰ ৰাইজে ৷ তদুপৰি অঞ্চলটোৰ ডাম্পাৰে যধে মধে মাটি পেলোৱাৰ ফলত কাষতে থকা কোটি টকীয়া এটা পানীৰ প্ৰকল্প ধ্বংস হোৱাৰ অভিযোগ ৰাইজ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ আনহাতে যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ যে কাজিৰঙাৰ মাটিত পকী বেৰ স্থাপন কৰাত নিষেধাজ্ঞা থকাৰ পাছতো উক্ত অঞ্চলটোত পকী বেৰ দিয়াটো কিদৰে সম্ভৱ হল ৷
