ফুলনদেৱীৰ পিঠিত উঠি অভিনেত্ৰী আইমী বৰুৱাৰ হাতীছফৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ নৱেম্বৰ : মাজুলীলৈ যাত্ৰা পথত কাজিৰঙাত হাতী ছফৰ অসমীয়া বোলছবিৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাৰ ৷শনিবাৰে পুৱা কহঁৰাত সন্তান আৰু পৰিয়ালৰ আন সদস্য সহ হাতী চাফাৰী কৰি অভিনেত্ৰী গৰাকীয়ে ক’লে অসমৰ গৌৰৱক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কোনেও কাকো দায়িত্ব দিব নালাগে ৷এগৰাকী অসমীয়া হিচাবে এয়া সকলোৰে দায়িত্ব ৷ফুলন দেৱী নামৰ হাতীজনীত চাফাৰী কৰি তেওঁ মন্তব্য কৰে অসমৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰত প্ৰতিস্থা কৰিবৰ বাবে অসম পৰ্যটন বিভাগে আগতকৈ বহু কাম কৰিছে যদিও আৰু বহু কাম কৰিব লগিয়া আছে ৷অভিনেত্ৰী গৰাকীয়ে অহা ১১ আৰু ১২ নবেম্বৰত মাজুলীৰ ৰাসত দুটা চৰিত্ৰত অভিনয় কৰিব বুলি উল্লেখ কৰে ৷ কাজিৰঙা লাইভৰ জৰিয়তে মাজুলীত ৰাস দৰ্শনৰ বাবে অসমবাসীক আহ্বান আইমীৰ ৷