কলিয়াবৰত ৰাইজে বন্ধ কৰিলে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৮ নৱেম্বৰ: কলিয়াবৰ তিনি আলিত চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে স্থানীয় ক্ষুদ্ধ ৰাইজে ।ইতিপূৰ্বে প্ৰায় ছয়মাহৰ আগত কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল স্থানীয় ৰাইজে । পুনৰ এইবাৰ নগাঁও-জখলাবন্ধা সংযোগী পথটোৰ কলিয়াবৰ তিনিআলিৰ অংশৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে ৰাইজে । উজনি-নামনিৰ লগতে উত্তৰ অসমৰ লগত সংযোগ থলী কলিয়াবৰ তিনিআলিত NHIDCL কৰ্তৃপক্ষই স্থানীয় ৰাইজৰ বাবে উপপথ, পানী নিস্কাষণৰ ব্যৱস্থা আদি নকৰা আৰু ২০১০ চনতে জৰীপ কৰাৰ পাছতো আজি পৰ্যন্ত চাৰিলেনযুক্ত পথৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ নকৰা আদিকে ধৰি কেতবোৰ বিসংগতিৰ গুৰুত্বপুৰ্ণ অভিযোগ আনিছে ৰাইজে । বিশেষকৈ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ নকৰি প্ৰতিদিনাই সীমা সলনি কৰি স্থানীয় ৰাইজক হাৰাশাস্তি কৰি অহাৰ অভিযোগ তুলিছে ৰাইজে । চাৰিলেনযুক্ত পথৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণৰ লগতে উপপথ আৰু পানী নিস্কাষণৰ স্থায়ী ব্যৱস্থা নকৰা পৰ্যন্ত কলিয়াবৰ তিনি আলিত চাৰিলেনযুক্ত পথৰ নিৰ্মাণ বন্ধ কৰি ৰখাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । অন্যহাতেদি চাৰিলেনযুক্ত পথ নিৰ্মানৰ বাবে অধিকৃত ভুমিৰ লগতে অন্যান্য সা- সম্পত্তিৰ বাবে ক্ষতিপূৰণ লাভ কৰাৰ পাছতো একাংশ লোকে ভুমি এৰি নিদিয়া আৰু কলিয়াবৰ তিনিআলিৰ পৰা উলুৱনী চাৰিআলিৰ পথ চোৱা নিৰ্মাণ কৰাত গুৰুত্বৰ বিসংগতিৰ অভিযোগ উত্থাপিত কৰি কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে সভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে দাবী সমিতিয়ে। ইফালে, কলিয়াবৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত দাবী সমিতিৰ সাধাৰণ সভাইও কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখৰ পথ চোৱাত গুৰুতৰ বিসংগতি কৰা বুলি NHIDCL কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।