কবি অজিত গগৈক বিৰিনা গোষ্ঠীৰ বঁটা প্ৰদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ নৱেম্বৰ: বোকাখাত পুৱতি সাহিত্য সভা ভৱনত সাহিত্য সংস্কৃতি অনুষ্ঠান “বিৰিনা গোষ্ঠী” ৰ উদ্যোগত সোমবাৰে বিহগী কবি ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিবসৰ লগত সংগতি ৰাখি সাহিত্য আলাপ, কবিতা পুথি উন্মোচন, গীতমাত অনুষ্ঠিত হয়। মুকুট দাসৰ সঞ্চালনাত হোৱা অনুষ্ঠানত বোকাখাতৰ কবি অজিত গগৈক বঁটা প্ৰদান কৰা হয়। বোকাখাত মহকুমা আৰক্ষী বিষয়া কল্যাণ দাস, সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ, বিৰিনাৰ সভাপতি লীলাধৰ পাঠক, ৰোহিণী কুমাৰ দাস অনুষ্ঠানত উপস্থিত থাকে। বিৰিনাৰ তিনিমহীয়া মুখপত্ৰ “বিথিকা”, তফিকুৰ ৰহমানৰ কবিতা পুথি “ঢৌ” উন্মোচন কৰা হয় অনুষ্ঠানত। বোকাখাতৰ ৰত্নেশ্বৰ মৰাং, গোবিন কাকতি আৰু পপী শইকীয়াৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।