বোকাখাতত গৰু ভৰ্তি ট্ৰাক জব্দ। ট্ৰাকৰ ভিতৰত মৃত্যু এটা গৰুৰ।

কাজিৰঙা লাইভ, বোকাখাত, ২৩ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ ৷ এখন গাড়ীত হিচাপতকৈ অধিক গৰু সৰবৰাহ কৰাৰ বাবে কেতিয়াবা গাড়ীৰ ভিতৰতেই গৰুৰ মৃত্যুও ঘটিছে ৷ তেনে এখন অবৈধ গৰু সৰবৰাহ কৰি অনা ট্ৰাক শুক্ৰবাৰে নিশা জব্দ কৰে বোকাখাত আৰক্ষীয়ে ৷ AS 01 AA 5745 নম্বৰৰ ট্ৰাকখনত অবৈধভাৱে ২৩ টা গৰুৰ লগতে এটা ম’হ নগাঁৱলৈ বুলি আনি থকাৰ সম্ভেদ লাভ কৰি নিশা গৰু ভৰ্তি ট্ৰাকখন বোকাখাত আৰক্ষী থানাৰ সন্মুখত তালাচী চলাই জব্দ কৰে ৷ ট্ৰাকখন পৰীক্ষা কৰাত হিচাপতকৈ অধিক গৰুৰ লগতে এটা ম’হ অনাৰ কথা পোহৰলৈ আহে ৷ নিশাই গৰু ভৰ্তি ট্ৰাকখন মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় চৌহদলৈ আনি ট্ৰাকখনৰ পৰা গৰুখিনি নমাই আৰক্ষীয়ে ৷ হিচাপতকৈ অধিক গৰু অনাৰ বাবে ট্ৰাকখনতে এটা গৰুৰ মৃত্যুও ঘটিছে ৷ আৰক্ষীৰ পৰীক্ষাত ট্ৰাকখনৰ গৰু সৰবৰাহৰ বাবে কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকাৰ কথা মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে নিজাববীয়াকৈ ট্ৰাকখনৰ লগতে গৰুৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা সাংবাদিকক অৱগত কৰে। আনহাতে গৰুৰ গৰাকীয়ে বেছিকৈ গৰু অনাৰ কথা স্বীকাৰ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *