বন বিভাগৰ গাফিলতিৰ বাবে শোণিতপুৰত বনৰীয়া হাতী পোৱালীৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ নৱেম্বৰ: শোণিতপুৰ ৰঙাপাৰাৰ কলিবাৰীত উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ পোৱালীৰ মৃতদেহ ৷ প্ৰায় তিনিমাহ মান পূৰ্বে এই হাতী পোৱালিটো আঘাতপ্ৰাপ্ত হৈ হাতীৰ জাক এটাৰ পৰা বিছিন্ন হৈ ৰঙাপাৰাৰ চাহবাগিচাত বিচৰণ কৰি আছিল ৷ বন বিভাগৰ চূড়ান্ত অদক্ষতা আৰু অৱহেলাৰ বাবেই উপযুক্ত সময়ত উন্নত চিকিৎসাৰ অভাৱত এই আঘাতপ্ৰাপ্ত হাতী পোৱালিটোৱে আজি মৃত্যুক সাৱটি লব লগা হল বুলি ৰাইজে অভিযোগ কৰিছে ৷ বন বিভাগৰ তৰফৰপৰা হাতী পোৱালীটোক পালমৰা ধৰণেৰে সামান্য চিকিৎসা কৰিয়েই তাৰাজুলি চাহ বাগিচাত এৰি দিছিল ৷ আগফালৰ সোঁ ভৰিত আঘাতপ্ৰাপ্ত হাতী পোৱালীটো নিজৰ খাদ্য বিচাৰিব পৰাকৈ সক্ষম নাছিল ৷ খাদ্যৰ অভাৱৰ বাবেই ক্ৰমান্বয়ে বেছি অসুস্থ হৈ পৰিছিল এই হাতী পোৱালিটো ৷ বন বিভাগে দুই এবাৰ এই হাতী পোৱালিটোক চিকিৎসা প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত পোৱালিটোক উদ্ধাৰ কৰি সুস্থ কৰি তুলিবৰ বাবে কোনোধৰণৰ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ ফলত আঘাতপ্ৰাপ্ত হাতী পোৱালীটোৰ মৃতদেহ আজি কলিবাৰীৰ এখন হাবিৰ মাজত উদ্ধাৰ হয় ৷ নামত থকা বিয়াগোম বনবিভাগে নহয়, আঘাতপ্ৰাপ্ত হাতী পোৱালিটোক মানৱীয়তাৰ খাতিৰত দৈনিক খাদ্যৰ যোগান ধৰিছিল বাগিচাখনৰ একাংশ শ্ৰমিকে ৷ হাতী পোৱালিটোৰ খবৰ লবলৈ আহৰি আৰু ইচ্ছা নথকা বন বিভাগৰ অৱহেলাতেই খাদ্য আৰু সু-চিকিৎসাৰ অভাৱতেই এই হাতী পোৱালিটোৱে অকাল মৃত্যুক সাৱটি লব লগা হয় বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *