মহিলাই নিজৰ বস্ত্ৰ খুলি কোবালে নৰেন্দ্ৰ মোদীক, মহিলা বস্ত্ৰ পিন্ধালে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

কাজিৰঙা লাইভ, কমাৰগাঁও, ৬ ডিচেম্বৰ: কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলাঘাট জিলা বীৰ লাচিত সেনাই কেবৰ বিৰুদ্ধে টায়াৰ জ্বলাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে প্ৰতিবাদকাৰী মহিলাই নিজৰ মেখেলাৰে কোবালে, পিন্ধালে নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিত। বহু সময় ধৰি এই প্ৰতিবাদ সাব্যস্ত কৰিলে গোলাঘাট জিলা বীৰ লাচিত সেনাই। নৰেন্দ্ৰ মোডী হুচিয়াৰ, অমিত শ্বাহ গ’ বেক, সৰ্বানন্দ সোণোৱাল গ’ বেক, কেব আমি নামানো আদি শ্লোগান দি কমাৰগাঁৱৰ আকাশ বতাহ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰীসকলে । ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিও দাহ কৰে প্ৰতিবাদস্থলীতে ৷