গোলাঘাট বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ বাসগৃহ ঘেৰাও । টায়াৰ জ্বলাই কাজিৰঙাত উত্তাল প্ৰতিবাদ
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত চলা উত্তাল প্ৰতিবাদৰ মাজতে বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ আজি কাজিৰঙাস্থিত বাসগৃহ ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে। কেব বিৰোধী আন্দোলনত সমগ্ৰ অসম উত্তাল হৈ থকা সময়তে প্ৰতিবাদকাৰীয়ে আজি দিনৰ ভাগত বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ বাসগৃহ ঘেৰাও কৰি বিজেপি মূৰ্দাবাদ ধ্বনি দিয়ে। কাজিৰঙাৰ বচাগাঁৱত থকা গেৰুৱা বাহিনীৰ নেতাগৰাকীৰ বাসগৃহৰ সন্মুখত শতাধিক প্ৰতিবাদকাৰীয়ে বৰাৰ বাসগৃহৰ সন্মুখত বিজেপি চৰকাৰ গ’ বেক, ইনক্লাৱ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপিৰ কাম নাই, আছে হেংদাং লোৱা নাই ল’লে হেংদাং ৰক্ষা নাই আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। আনকি বিজেপি নেতাগৰাকীৰ বাসগৃহ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে উত্তাল ধ্বনিৰে বাসগৃহ ঘেৰাও কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া বিতোপন গগৈ, বিশ্বজিত ছেত্ৰী, আটছাৰ বিষয়ববীয়া সুভাষ তাঁতী, টাই আহোম যুৱ ছাত্ৰ সন্থাৰ বিষয়ববীয়া উৎপল গগৈৰ নেতৃত্বত অহা দলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, আজি বন্ধৰ ফলত কাজিৰঙা, কঁহৰা, দিৰিং, আই বি, বাগৰিৰ সমগ্ৰ দোকান পোহাৰ বন্ধ থাকে আৰু সমগ্ৰ কাজিৰঙাতে আজি ব্যাপকভাৱে বন্ধৰ প্ৰভাৱ পৰে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্ভাগৰ জীপ ছাফাৰি আৰু অৰ্কিড পাৰ্ক বন্ধ ৰখা হয়। আজি বন্ধৰ ফলত কাজিৰঙাত বহু গৰাকী পৰ্যটক আৱদ্ধ হৈ থাকিব লগা হয়।