কাজিৰঙাত হাতীৰ পিঠিৰ পৰা পৰি মাউতৰ মৃত্যু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ ডিচেম্বৰঃ কাজিৰঙাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হয় বনবিভাগৰ এগৰাকী মাউতৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত আজি বিয়লি সংঘটিত হয় এই ঘটনা ৷ জানিব পৰা ম’তে, উচ্চ ৰক্তচাপৰ বাবে হাতীৰ পিঠিৰ পৰা পৰি মাউত কেশৱ কৰ্মকাৰ (৪৩) মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগে ৷ মৃত মাউতজনৰ ঘৰ কাজিৰঙাৰ কহঁৰাৰ পিলখানাত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *