অধিবেশনস্থলীত বিষোদগাৰৰ সন্মুখীন হোৱাৰ পূৰ্বে আটক আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ ফেব্ৰুৱাৰী: কালিৰে পৰা গোলাঘাট জিলাৰ মহুৰা দিহিঙীয়া পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিধায়ক সকল অহাৰ পূর্বেই আজি বোকাখাত মহকুমাৰ একাংশ ছাত্ৰ নেতাক আটক কৰে গোলাঘাট আৰক্ষীয়ে ৷ আজি পুৱা বােকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈ , উপ-সভাপতি যিষ্ণুজ্যোতি শইকীয়া, কমাৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ মৰাং আৰু সাংগঠনিক সম্পাদক আদিত্য শইকীয়াক কমাৰগাঁওৰ পৰা আৰক্ষীয়ে কোনো কাৰণ নজনোৱাকৈ আটক কৰে। লগতে, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিপুল বৰা আৰু সঞ্জীৱ শৰ্মাক আটক কৰে আৰক্ষীয়ে। উল্লেখ যে, সাম্প্ৰতিক সময়ত অসমৰ জনসাধাৰণে বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি বিভিন্ন সময়ত দেখুৱাই অহা বিষোদগাৰৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিধায়ক সকল আজি অনুষ্ঠানলৈ অহাৰ সময়ত প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাতে আৰক্ষীয়ে আটক কৰে ছাত্ৰ নেতা কেইজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *