বান সংকট মোচনৰ সম্পর্কে “আমাৰ প্ৰয়াস” গোষ্ঠীৰ সজাগতা শুভাৰম্ভ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত চলি থকা অসমৰ বানপানী আৰু নদী গৰা-খহনীয়া সংকট মোচনৰ যুটীয়া বিনিয়োগ আচনিত বানাক্ৰান্ত ৰাইজক বানপানীৰ পৰা বিপদ কমোৱা, জীৱিকা, বিশেষত দুৰ্যোগ ব্যবস্থাপনা শক্তিশালী কৰাৰ বাবে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা “আমাৰ প্ৰয়াস” গোষ্ঠী য়ে বিভিন্ন পদক্ষেপ হাতত লৈছে। বুধবাৰে পুৱতি সাহিত্য সভা ভৱনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁৱৰ গাঁওবুঢা, পঞ্চায়ত প্ৰতিনিধি উপস্থিত থকা সভাত “আমাৰ প্ৰয়াস” গোষ্ঠী ৰ অধ্যক্ষ আনোৱাৰ হোচেইন উপস্থিত থাকি কাৰ্যসূচীৰ ওপৰত বিতংকৈ কোৱাৰ লগতে ৰাইজৰ সহযোগিতা কামনা কৰে। জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাৰ পৌৰহিত্যত হোৱা সভাত, বিশিষ্ট সাংবাদিক তথা পৰিবেশ কৰ্মী উত্তম শইকীয়া, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া ৰনী ৰাজকুমাৰ, ফেমাৰ বিষয়া পল্লবী মুদৈ বৰ্মন, পাৰ্থ বৰা, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা বিপুল দাস আদি উপস্থিত থাকে।