মন্ত্রী অতুল বৰাৰ বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে বৈঠক।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ মাৰ্চ: সাম্প্রতিক সময়ত সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ বাবে ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো ঘোষণা কৰা লক্ ডাউনৰ সম্পর্কে বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত আৰক্ষী প্ৰশাসন, বোকাখাত যোগান বিভাগ আৰু বোকাখাত স্বাস্থ্য বিভাগৰ লগত বোকাখাতৰ আবৰ্ত ভৱনত মন্ত্রী অতুল বৰাই আলোচনা কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত যোৰহাট আৰু গোলাঘাট জিলাৰ বিশেষ দায়িত্ব মন্ত্রী বৰাক অৰ্পণ কৰাত তেখেত বোকাখাতৰ নিজা সমষ্টিত উপস্থিত হৈ বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ লগতে সকলো বিষয়ববীয়াক লগ কৰি মহকুমাটোৰ বিভিন্ন দিশৰ বুজ লয় ৷