অত্যাধিক মূল্যত সামগ্ৰী বিক্রী কৰি তলা উলমিল কাজিৰঙাৰ এখন দোকানত
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ মাৰ্চ: কৰুণা আতংকৰ মাজতে অত্যাধিক মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ বাবে অনিদিষ্ট কাললৈ বন্ধ হ’ল কাজিৰঙাৰ প্ৰদীপ জালান নামৰ ব্যৱসায়ী জনৰ গেলামালৰ দোকান ৷ লকডাউনৰ সময়ছোৱাত প্ৰশাসনে নিৰ্ণয় কৰি দিয়া মূল্যত কৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ বাবে বন্ধ কৰি দিয়ে দোকান খন। বোকাখাত মহকুমা প্ৰশাসনৰ দণ্ডাধীশ শান্তনু গগৈৰ নেতৃত্বত চলোৱা এক অভিযানত কাজিৰঙাৰ প্ৰদীপ জালান নামৰ অসাধু ব্যৱসায়ীজনে অত্যধিক মূল্যত সামগ্ৰী বিক্ৰীৰ অভিযোগত দোকানখন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয় । ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগ ডাউনৰ সুবিধা লৈ বিগত সময়চোৱাত অধিক দামত বিক্ৰী কৰি আহিছিল দৈনন্দিন প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী। ইয়াকে লৈ কাজিৰঙাত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰী সকলো নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদান কৰি এইসকল ব্যৱসায়ীয়ে দৰিদ্ৰ সাধাৰণ ৰাইজক অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰি প্ৰতাৰণা কৰি আহিছে ৷ দল সংগঠনৰ দাৱী যে প্ৰশাসনে অতি সোনকালে এনে ব্যৱসায়ী সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লওক ৷