আৰ্তজনৰ কাষত হৃদয়বান বন বিষয়া। কুঠৰীৰ বিষ্ণু মুণ্ডাৰ পৰিয়াললৈ আগবঢ়ালে টিনপাত

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ২২ এপ্ৰিল : লকডাউনৰ সৰ্বাত্মক প্ৰভাৱত স্তব্ধ জনজীৱন, গৃহবন্দী জনগণ ৷ সমান্তৰালকৈ প্ৰকৃতিয়ে ধৰিছে কালৰূপ। প্ৰৱল ধুমুহা বৰষুণ মাজতে ভগা চালিৰ তলত বিচনাৰ তলত সোমাই প্ৰাণ ৰক্ষা কৰিছে ৪ টাকৈ এমা-ডিমা লৈ এহাল স্বামী-স্ত্ৰী ৷ এই ঘটনা মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ কুঠৰী ন-বস্তি অঞ্চলৰ বিষ্ণু মুণ্ডা আৰু তেওঁৰ পত্নীসহ কণমানি চাৰিটাই ৷ সেই পৰিয়ালটোৰ দুৰৱস্থাৰ খবৰ পাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন বন বিষয়া আগবাঢ়ি আহে পৰিয়ালটোক সহায়ৰ উদ্দেশ্যে। বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া পঙ্কজ বৰাই পৰিয়ালটোৰ মুৰব্বী গৰাকীক গৃহ নিৰ্মাণৰ বাবে আগবঢ়াই টিনপাত। বনাঞ্চলিক বিষয়া গৰাকীৰ এনে মহানুভৱতাক বিভিন্নজনে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *