আফ্রিকান চোৱাইন ফিভাৰ সংক্ৰান্তত বোকাখাত মহকুমা প্ৰশাসনৰ জৰুৰী সভা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ মে’: ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান চোৱাইন ফিভাৰৰ ফলত বহু সংখ্যক গাহৰিৰ মৃত্যু হোৱালৈ লক্ষ্য ৰাখি আজি বোকাখাত মহকুমা প্ৰশাসনে এই বিষয়ে সবিশেষ আলোচনা কৰিবৰ বাবে এখনি জৰুৰী সভাৰ আহ্বান কৰে। মহকুমাধিপতিৰ কাৰ্য্যালয় কক্ষত অনুষ্ঠিত এই সভাত মহকুমাধিপতি বিবেক শ্যামে কোনো কাৰনতে যাতে এই ৰোগ মহকুমাটোত বিয়পিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হবলৈ লগতে গাহৰি পালক সকলৰ মাজত আফ্রিকান চোৱাইন ফিভাৰ সন্দৰ্ভত সজাগতা আনিবৰ বাবে মহকুমা পশু চিকিৎসা বিভাগক গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে এই ৰোগবিধ যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰি খিনিলৈ সংক্ৰমিত নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা লবলৈ উদ্যান কতৃপক্ষক নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত উদ্যান কৰ্তৃপক্ষক কাজিৰঙাৰ দাঁতি কাষৰীয়া গাওঁসমৃহত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবাঢ়াই। ইতিমধ্যে বোকাখাত মহকুমা প্ৰশাসনে আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মহকুমাটোত ১৪৪ ধাৰা জাৰি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত পথাৰ, আলি-পদুলি, যিকোনো খোলা ঠাইত গাহৰি চৰোৱা, গাহৰি কটা তথা কিনা-বেচা কৰা, মৰা গাহৰি নদী, খাল-বিল- পুখুৰী তথা মুকলি ঠাইত পেলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও বাহিৰা মানুহক গাহৰিৰ সংস্পৰ্শলৈ অহাতো বাধা আৰোপ কৰা হৈছে। আনহাতে মহকুমা পশু চিকিৎসা বিভাগ তথা মহকুমা প্ৰশাসনৰ পৰা গাহৰিৰ মৃত্যু, যিকোনো ৰোগৰ লগতে আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষনৰ তথ্য লুকুৱাই ৰখাটো অপৰাধ হিচাপে গন্য কৰা হব। কোনো ব্যক্তিয়ে উক্ত নিষেধাজ্ঞা ভংগ কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হব। আজিৰ এই সভাত সহকাৰী আয়ুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, তথ্য আৰু জনসংযোগ বিষয়া মামূণ বৰকটকী, মহকুমা পশু-পালন ও চিকিৎসা বিষয়া ডা৹ ৰঞ্জিত বৰা, পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, মহকুমা শ্ৰম বিষয়া ড: ভাস্কৰ মিলি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *