কাজি 83F আৰু নাই

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ মে’: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত দেউবাৰে উদ্ধাৰ হয় এজনী মাইকী ঢেকীয়াপতিয়া বাঘৰ মৃতদেহ ৷ কেমেৰাত বন্দী হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা বাঘৰ তালিকাত কাজি 83 F হিচাব নামাঙ্কিত কৰা মাইকী বাঘজনী পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ তিনি চাৰি দিনৰ আগেয়ে মৃত্যু হোৱা প্ৰায় চাৰি বছৰ বয়সৰ বাঘিণী জনীৰ মৃতদেহ উদ্ধাৰ হয় বাগৰি বনাঞ্চলৰ ভলোকাজান বনশিবিৰ এলেকাত ৷ মৰোণোত্তৰ পৰীক্ষাৰ পাছত বাঘৰ মৃতদেহটো ঘটনাস্থলীতে সৎকাৰ কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *