“হয় ময়েই সেই গঁড়টো মৰিছিলো”- কাজিৰঙাত চোৰাং চিকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ জুন: কাজিৰঙাত ধৃত চোৰাং চিকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। কোনো সংকোচ নোহোৱাকৈ কলে – “হয় ময়েই সেই গঁড়টো মৰিছিলো, ৩০ ৰাউণ্ড AK ৰ গুলিৰে থকা- হৰকা কৰিছিলো গঁড় টোৰ দেহ”। ধৃত চোৰাং চিকাৰীটোৱে সাধাৰণভাৱেই কলে “গুলী মাৰিবলৈ মন যোৱাৰ বাবেই ৩০ জাই গুলী মৰিছিলো” বুলি। এনেদৰেই শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিলে শ্যাম বয় ওৰফে ডেভিদ নামৰ কাৰ্বি আংলং ৰ দুধৰ্ষ চোৰাং চিকাৰী টোৱে। উল্লেখযোগ্য যে ৰাজ্যত লকডাউন চলি থকাৰ সময়তে যোৱা ৯ মে’ ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ দুৰামাৰী বিলৰ পাৰত চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি খড়্গ লৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বনবিভাগে এই গঁড় হত্যাৰ ঘটনাৰ বিষয়ে গমকে পোৱা নাছিল। চাৰি দিনত অন্তত খড়্গ বিহীন গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। ইফালে কিছুদিন পূৰ্বে কাৰ্বি আংলং ৰ দলামৰা আৰক্ষী য়ে এই গঁড় হত্যাৰ ঘটনাত জড়িত চোৰাং চিকাৰী ৰ দলটোক অস্ত্ৰ- শস্ত্ৰ সহ কৰায়ত্ত কৰে। পাছত বোকাখাত আৰক্ষীয়ে নিজৰ জিম্মালৈ আনে শ্যাম বয় নামৰ চোৰাং চিকাৰী টোৰ লগতে আন দুটা চোৰাং চিকাৰী ক্ৰমে চিমন লাক্ৰা আৰু বিকি থাপাক । আনহাতে, শ্যাম নামৰ চোৰাং চিকাৰীটোৱে ঘটনাৰ বিবৰণী দিয়াৰ পাছতে পোহৰলৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় হত্যাৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰাৰ কথা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত গঁড় হত্যাৰ ঘটনাৰ কথা চাৰি দিনলৈকে উদ্যান কৰ্তৃপক্ষই গম নোপোৱাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিছিল। কিন্তু শ্যাম নামৰ চোৰাং চিকাৰীটোৱে দিয়া স্বীকাৰোক্তি অনুযায়ী গঁড় হত্যাৰ সময়ত দুটা এ কে ৪৭ বন্দুকেৰে শ্যাম আৰু চাইমনে মুঠ ৩৩ জাই গুলী চলাইছিল। বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে প্ৰত্যুত্তৰত চাৰি জাই গুলী চলাইছিল। কিন্তু তাৰ পাছতো উদ্যান কৰ্তৃপক্ষই চোৰাং চিকাৰী প্ৰৱেশ তথা গঁড় হত্যাৰ কথা চাৰি দিনলৈকে অৱগত নহয় বুলি জনাইছিল। এতিয়া কাজিৰঙাৰ স্থানীয় ৰাইজ তথা সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে যে কি কাৰণত উদ্যান কৰ্তৃপক্ষই গঁড় হত্যাৰ ঘটনাটোৰ বিষয়ে অৱগত নহয় বুলি সংবাদ মাধ্যমক জনাইছিল ৷ এই ৰহস্যময় কাৰণৰ সবিশেষ তদন্তৰ দাবী জনোৱাৰ সমান্তৰালভাৱে চোৰাংচিকাৰীৰ বিৰুদ্ধে অধিক অভিযান চলোৱাৰ মত পোষণ কৰে কাজিৰঙাবাসী ৰাইজে ৷