বোকাখাতৰ প্ৰবীন সাংবাদিক , শিক্ষাবিদ ভৱেশ শইকীয়ালৈ সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি
কাজিৰঙা লাইভ, বোকাখাত, ২৭ জুন : শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ৰ লগতে মইনা পাৰিজাতৰ প্রসাৰ আৰু প্রচাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবে সদৌ অসম মইনা পাৰিজাতে ২০১৯ বর্ষৰ বাবে আগবঢােৱা উপাধি প্রাপক সকলৰ নাম আজি ঘোষণা কৰিছে ৷ সংঘঠনটোৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্য বিভিন্ন জনলৈ আগবঢ়োৱা শিশু মহীয়ান আৰু শিশুবন্ধু উপাধি ৰ তালিকা ঘোষণা কৰিছে সংগঠনটোয়ে ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বোকাখাতৰ জেষ্ঠ নাগৰিক আৰু প্ৰৱীন সাংবাদিক ভৱেশ শইকীয়ালৈয়ো সদৌ অসম মইনা পাৰিজাতে ২০১৯ বৰ্ষৰ শিশুবন্ধু উপাধি আগবঢ়াইছে । ভৱেশ শইকীয়ালৈ আগবঢ়োৱা এই স্বীকৃতিত বোকাখাত জিলা মইনা পাৰিজাতৰ লগতে বোকাখাতবাসীও অতিশয় সুখী আৰু আনন্দিত হৈছে । বিভিন্ন দল সংগঠনৰ লগতে বোকাখাত জিলা মইনা পাৰিজাতেওঁ ভৱেশ শইকীয়ালৈ আভিনন্দন জ্ঞাপন কৰিছে । ১৯৫৫ চনতেই প্ৰতিষ্ঠা হোৱা বোকাখাত মইনা পাৰিজাতৰ জন্ম লগ্নৰে পৰাই জড়িত ভৱেশ শইকীয়াই বিগত চাৰিটা দশকেই সংগঠনটোৰ সৈতে জড়িত হৈ বোকাখাত মইনা পাৰিজাতৰ স্থায়ীগৃহ আৰু বোকাখাতৰ শিশুগৃহ প্ৰতিষ্ঠা কৰিছিল ৷ এই শিশুগৃহই পাচলৈ বোকাখাতৰ অনাথ আশ্ৰম হৈছিল গৈ ৷ ১৯৫৫ চনত বোকাখাত মইনা পাৰিজাত গঠন হোৱাৰ সময়ত সদৌ অসম মইনা পাৰিজাত আৰু গোলাঘাট জিলা মইনা পাৰিজাতেই গঠন হোৱা নাছিল ৷ ১৯৫৮ চনত ডিব্ৰুগড়ত সদৌ অসম মইনা পাৰিজাত আৰু ইয়াৰ অধীনতে গোলাঘাট জিলা মইনা পাৰিজাত গঠন হয় ৷ গোলাঘাট জিলাৰ দ্বিতীয়জন সম্পাদক হিচাবে ভৱেশ শইকীয়াৰ দিনতে জিলাখনত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হৈছিল ৷ সম্প্ৰতি নব্বৈ বছৰোৰো উৰ্ধৰ প্ৰবীন সাংবাদিক ভৱেশ শইকীয়া আসাম প্ৰেছ কৰে’চপন্ডেন্ট ইউনিয়নৰ চমুকৈ আপকু আৰু বোকাখাত প্ৰেছ ক্লাবৰো প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধিৰ বাবে বোকাখাত প্ৰেছ ক্লাব , বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু ইমজাৰ তৰফৰ পৰা ভৱেশ শইকীয়াক আজি অভিনন্দন জনায় ৷