তৃতীয়টো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মৃত্যু ঘটিছে ১২৫ টা বন্যজন্তুৰ ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ,২৪ জুলাই: সম্প্ৰতি তৃতীয়টো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে যদিও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু নিম্নগামী হৈছে তথাপিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৫ শতাংশ এলেকা এই পৰ্যন্ত প্লাবিত হৈয়ে আছে বুলি ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰত প্ৰকাশ ৷দ্বিতীয়টো বানৰ পানী শুকাবলৈ আৰম্ভ কৰিছিল যদিও ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৩৫ টা বন শিবিৰৰ তলেৰে বাগৰিছে তৃতীয়টো বানৰ পানী ৷বিভাগীয় সূত্ৰ মতে এই পৰ্যন্ত ১২ টা গঁড়কে ধৰি মৃত্যু হৈছে ১২৫ টা বন্যপ্ৰাণীৰ ৷ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ২২৩ টা বনশিবিৰৰ ভিতৰত ১৩৫ টা বন শিবিৰৰ তলেৰে বাগৰিছে পানী৷ পথ দুৰ্ঘটনাত ১৮ টা বন্যজন্তুৰ মৃত্যু হৈছে চলিত বানত।তদুপৰি চিকিৎসাধীন অৱস্থাত ১৬ টা ,পানীত ডুবি ৬৮ টা,প্ৰাকৃতিক ভাৱে ৫টা অন্যান্য কাৰণত ১৮ টা বন্যজীৱৰ মৃত্যু হৈছে ৷ ১২৫ টা বন্যজন্তুৰ ভিতৰত আছে ৯৩ টা হুগৰী পহু, মহ ৫ টা, গাহৰি ৮ টা, দল হৰিণ ২ টা ৷আনহাতে পানী শুকাবলৈ আৰম্ভ কৰাত কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকা বহু বন্যপ্ৰাণী কাৰ্বি পাহাৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনলৈ বুলি নামি আহিছিল যদিও পুনৰ বানৰ উমান পাই সম্প্ৰতি ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা হাবি জংঘল নতুবা দাঁতি-কাষৰীয়া চাহ বাগিচা সমূহত আশ্ৰয় লৈ আছে ৷ বানৰ খাৰ পানীয়ে মাৰি পেলোৱা ঘাঁহ-বনৰ পৰিপ্ৰেক্ষিতত এই বন্যপ্ৰাণী সমূহে খাদ্য সংকটত পৰি এতিয়া যিকোনো মুহূৰ্ততে ৰাষ্ট্ৰীয় পথলৈ ওলাই আহি দুৰ্ঘটনাত পতিত হোৱাৰ আশংকাই দেখা দিছে ৷ মহকুমা প্ৰশাসনৰ তথ্য অনুসৰি শুক্ৰবাৰৰ আবেলিলৈকে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৭খন গাও বানপানীৰ কবলত পৰিছে।ক্ষতিগ্ৰস্ত কৃষি এলেকা (প্ৰায়) ১৩৭৫ হেক্টৰ ৷বৰ্তমানলৈকে প্ৰভাৱিত জনসংখা(প্ৰায়) ৭০৩০০৷বৰ্তমানলৈকে বান সাহাৰ্য ৬২ টা বিতৰণ শিবিৰৰ লগতে ১৮ টা আশ্ৰয় শিবিৰো স্থাপন কৰা হৈছে৷ ১৭ টা চিকিৎসা শিবিৰৰ সমান্তৰালভাৱে ৪ টা পশু চিকিৎসা শিবিৰো স্থাপন কৰা হৈছে ৷আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা ২৮৪৩ ৷ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ৪ টা দলৰ সহায়ত মুঠ ২৮৬ জন বানপীড়িত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।অদ্যপি দুৰ্ভাগ্যজনক ভাৱে কান্দুলিমাৰী গাঁৱৰ মহেন্দ্ৰ খেৰীয়াৰ ২২ বছৰীয়া পুত্ৰ বাবু খেৰীয়া বানপানীত উটি যায় আৰু পিচত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় |প্ৰয়াত সৰ্বেশ্বৰ দলেৰ পুত্ৰ মদেশ্বৰ দলে যোৱা ১৩/০৭/২০২০ তাৰিখে বানপানীত উটি যোৱাৰ ফলত মৃত্যু হয় |২নং পৰগনিয়া গাওঁৰ সনমান চুব্বাৰ কন্যা সঞ্জিতা চুব্বা (নাবালিক) ২১/০৭/২০২০ তাৰিখত বানপানীত উটি যায় |বৰ্তমান এচ.ডি.আৰ.এফ য়ে ছোৱালীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে |

Leave a Reply

Your email address will not be published. Required fields are marked *