কলিয়াবৰৰ বাগৰিত লালীগুড় ভৰ্তি গাড়ী জব্দ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ জুলাই: কলিয়াবৰ মহকুমাৰ বাগৰীত জব্দ হল লালীগুড় ভৰ্তি এখন বাহন ৷ হোজাইৰ পৰা গোলাঘাটলৈ নি থকা দেশীয় সুৰা প্ৰস্তুত কৰা ১২০ টিঙ লালীগুড় সহ আটক কৰা হয় AS 02 CC 4628 নম্বৰৰ বলেৰ পিকআপসহ দুজন যুৱকক ৷ কলিয়াবৰ মহকুমাৰ জখলাবন্ধা আৰু বাগৰী আৰক্ষী চকীৰ দৈনিক তালাচীত ধৰা পৰে বাহনখন ৷ কোনো নথি পত্ৰ নোহোৱাকৈ সৰবৰাহ হোৱা লালীগুড় খিনি সহ আটক কৰা দুই যুৱক ক্ৰমে নজৰুল হুছেইন আৰু ম: ফকৰুদ্দিনক জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰ আৱকাৰী বিভাগক চমজাই দিয়ে ৷আৱকাৰী বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে কিছুদিন পুৰ্বে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত দেশীয় সুৰা সেৱন কৰি বহু লোকা প্ৰাণ হানি হৈছিল ৷গোলাঘাট সুৰা ট্ৰেজেদিৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে চোৰাংকৈ গোলাঘাট জিলাত চলাই আহিছে লালীগুড়ৰ ৰমৰমীয়া বেহা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *