বিদায় মনজিৎ,মৰ্ত্যৰ দৰে সৰগতো সুগন্ধময় পাৰিজাত হৈ ফুলি উঠা
বন্তি নুমাই গ’ল,শলিতা ঢুকাই গল ৷জীৱনত পাবলৈ বহু ৰৈ গ’ল
মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ ,৬ অক্টোবৰ :
“ভাগি গ’ল বীণখনি
চিঙি গ’ল তাঁৰ
ৰৈ গল অৱশেষ
অমিয় ঝংকাৰ”
সময় বোৱতী নৈ ৷ সময় কাৰো বাবে নাথাকে ৰৈ৷ সময়ে কাকো ক্ষমা নকৰে ৷সময় হল সদ্য হাস্যবদন বন্ধু গুচি গল ৷হঠাতে গুচি গল সংগোপনে ৷কাকো নকলে ৷মাত লগাবলৈ সময় নহল ৷ নাটক কৰাৰ কথা কৈ কৈ সি গুচি গল একেবাৰে…ঘুৰি অহাৰ প্ৰতিশ্ৰুতি নিদিয়াকে ৷
আমাৰ অতিকৈ মৰমৰ মনজিৎ কাজিৰঙাৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ এক দুস্প্ৰাপ্য মহীৰূহ যাৰ বিশালতা অতি কম সময়তে ভূমিৰ পৰা গগণলে প্ৰসাৰিত হৈছিল ৷কিছুমান মানুহে নিঃস্বাৰ্থভাৱে সমাজ গঢ়ে,অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ে ৷ পৰৰ দোষ কমকৈ দেখে বেছিকৈ গুণহে দেখে ৷জীৱনৰ পাৰ কৰা সময়খিনি সাংস্কৃতিক দিশত ৰাইজৰ বাবে উৎসৰ্গা কৰে ৷মোৰ দৃষ্টিত মনজিত আছিল এনে এজন বিৰল যুৱক ৷বন্ধু, তুমি মৰ্ত্যৰ দৰে সৰগতো এপাহ পাৰিজাত হৈ ফুলি উঠা আৰু মৰ্ত্যৰ দৰে সুগন্ধময় হওঁক ৷ ভগবানৰ ওচৰত তোমাৰ আত্মাক তেনে এক স্থান দিবলৈ মিনতি কৰিছো। সাংস্কৃতিক ক্ষেত্ৰখনক জীৱনৰ ব্ৰত ৰূপে লোৱা, বহু সামাজিক অনুষ্ঠানৰ সৈতে জড়িত,নাট্যকৰ্মী এজন সুস্থিৰ ভাৱাদৰ্শৰ যুৱকৰ দৰে ব্যক্তিৰ অভাৱ এই সমাজে পদে পদে উপলদ্ধি কৰিব ৷
এই মৰমীয়াল হৃদয়ৰ,পৰিপাটী,নিকা মনৰ যুৱকজন কেৱল তেওঁৰ বংশ পৰিয়ালৰে নহয় সমাজৰো এগৰাকী আদৰ্শনীয় যুৱক হৈ ৰৱ ৷ ৷গীত এটি হেৰায় গলেও,থাকি যায় কেৱল বীণৰ তাঁৰত বাজি থকা এটা কৰুণ সুঁৰ ৷আৰু আমিয়ো এতিয়া সেই সুৰতে বন্দী ৷
“ন জায়তে ম্ৰিয়তে ৱা কদাচিন্নায়ং
ভূত্ত্বা ভবিতা ৱা ন ভূয়ঃ ৷
অজো নিত্যঃশ্বাশতোঃ আয়ম পুৰণো
ন হন্যতে হন্যমানে শৰীৰে ৷”(সাংখ্যযোগ,গীতা)
আত্মাৰ জন্ম আৰু মৃত্যু নাই ৷আত্মা সদায় অজন্ম,অন্তহীন,শাশ্বত ৷শৰীৰৰ মৃত্যু হয় কিন্তু আত্মা অজৰ- অমৰ ৷ সেয়ে পাৰ্থিব শৰীৰৰ মৃত্যু মানেই আত্মাৰ বিনাশ নুবুজায় ৷ পিছে এই সত্যক উপলব্ধি কৰিব পাৰিও মানুহে বাস্তৱ জীৱনত ইয়াক মানি লবলৈ কঠিন হৈ পৰে ৷সেয়ে অতি আপোন কোনোবাজনৰ বিয়োগত আমাৰ মন স্বাভাবিকতে শোকাছন্ন হৈ উঠে ৷
“মৃত্যু আছে বাবেই জীৱন ইমান সুন্দৰ
জীৱনে আমাক বাট দেখুৱাই কেৱল
তালৈকে -য’ত আমাৰ বাবে ৰৈ আছে
মৃত্যু -তেনে মৃত্যুকে জয় কৰা
মৃতজনৰ শৰীৰত তিল ফুলবোৰ গজি উঠক
স্মৃতিৰ বুকুত ৰৈ যাব মৃতকৰ
সদ গুণৰ বন্দনা…”
মানৱ জীৱনৰ মুল্যায়ন হয় কৃতকৰ্মৰ জৰিয়তে ৷ দীৰ্ঘ জীৱনৰে নহয় ৷ এই কথাষাৰৰ সত্যতা প্ৰতিপন্ন কৰি গল সদায়ে হাহিঁৰে মুখ খন উপচি থকা মনজিতে ৷
মৃত্যু এটা শাশ্বত আৰু কৰুণতম শব্দ ৷ এই পৃথিৱীৰ সকলো প্ৰাণীৰে এদিন জন্ম হলে মৃত্যু হবই ৷কবিৰ মতে ,”মৃত্যুও এটা শিল্প , জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য ৷”এই মৃত্যু কৰুণ,বেদনাদায়ক আৰু হৃদয়বিদাৰক ৷ ইয়াক বাধা দিব পৰা শক্তি কাৰোৱে নাই ৷মনজিতৰ মৃত্যুৱে সকলোৰে অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিলে ৷তাৰ অতি মৰমৰ মাতষাৰ আৰু স্নেহভৰা কথাবোৰ এতিয়া মানস পটত স্মৃতি মাথোন ।শেষত এই পৱিত্ৰ সোৱৰণত মনজিতৰ আত্মাই বৈকুণ্ঠত স্থিতি লৈ আমাৰ সকলোৰে যেন মৰমৰ হৈ থাকে তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো ৷ আমাৰ বাবে
মৃত্যুৰ পিছতো অমৰ তেওঁ,কবিৰ ভাষাত –
“গুণ আৰু শৰীৰৰ অনেক অন্তৰ,
তুলনাত উভয়ৰ প্ৰভেদ বিস্তৰ
খন্তেকীয়া ভাবি চোৱা দেহা মানুহৰ ,
গুণবোৰ থাকে কিন্তু যুগ যুগান্তৰ ৷”
স্মৃতি মাথো চকুৰ আগত ভাঁহি থাকে ৷ তাক ব্যক্ত কৰা বৰ কঠিন ৷ তোমাক লৈ লিখিবলৈ বহিও আজি কলম থমকি গৈছে ৷ভৱা নাছিলো,তোমাৰ বাবে এদিন এনেকৈ কলম ধৰিব লাগিব ৷সংযমৰ বাবে মনলৈ আনিব লগা হৈছো বহু চিৰসত্য বাক্যৰ অংশ বিশেষ ৷
ওম শান্তি ওম শান্তি ওম শান্তি