কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া ৰক্ষকেই হৈছে ভক্ষক। আটক হৈছে গঁড়ৰ চোৰাং চিকাৰত জড়িত থকা বনৰক্ষী
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ অক্টোবৰ: ৰক্ষকেই যদি ভক্ষকৰ ৰূপত অৱতীৰ্ণ হয় তেতিয়া কি কৰা উচিত ? এই প্ৰশ্নই এতিয়া জোকাৰি গৈছে কাজিৰঙাকে ধৰি সমগ্ৰ অসমৰ ৰাইজক ৷এইবাৰ গঁড়ৰ খৰ্গ ব্যৱসায়ৰ সৈতে জড়িত হৈছে কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্বত থকা বনৰক্ষী জোৱান ৷ আটক বনৰক্ষীজনৰ নাম শশী দলে ৷ কাজিৰঙাৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱান শশী দলে গঁড় চিকাৰী তথা পলাতক অগপ নেতা গনেশ দলেৰ ভাতৃ৷উল্লেখ যে বোকাখাতৰ ৩ নং দ গাঁৱৰ পৰা আটক কৰা হৈছিল এহাল পতি পত্নীক। গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত এইহাল পতি-পত্নী।আটক কৰা পতি-পত্নীৰ নাম উৰুকা পেগু আৰু কুনকুনি পেগু৷তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছিল এটা গঁড়ৰ খৰ্গ ৷ঘৰৰ ভিতৰত এটা বেগত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হৈছিল খৰ্গটো ৷ বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ কোনো লোকে বিক্ৰী কৰিবৰ বাবে খৰ্গটো দিছিল কুনকুনি পেগুক। বোকাখাত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি ঘৰত লুকুৱাই ৰখা এই খৰ্গটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে চিকাৰীৰ সন্ধানত বোকাখাত আৰক্ষীৰ ধাৰাষাৰ অভিযান মঙ্গলবাৰে আটক কৰা উৰুকা পেগু আৰু কুনকুনি পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীৰ অভিযানকাৰী দলে মঙ্গলবাৰে নিশা বূঢ়াপাহাৰৰ চেকনি বন সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা আটক কৰে শশী দলেক ৷ শশী দলেই ই এক য়ড়যন্ত্ৰ বুলি উল্লেখ কৰিলেও উৰুকা পেগুৰ পত্নী কুনকুনি পেগুক শশী দলেই খৰ্গটো দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে কুনকুনি পেগুৱে ৷ কুনকুনি পেগুৱে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতেই বোকাখাত আৰক্ষীয়ে আটক কৰিছে শশী দলেক ৷ বোকাখাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু নকৰি অনুসন্ধানৰ বাবে শশী দলেক কাজিৰঙাৰ বন বিভাগৰ হাতত চমজাই দিয়ে।