আনন্দ আৰু বেদনাৰ সন্ধান দিয়া যুগদ্ৰষ্টা জনৰ মহাপ্ৰয়াণত … লেখা: গৌতম বৰদলৈ, ডিব্ৰুগড়

হোমেন বৰগোহাঞি চাৰৰ সাহিত্য আৰু চিন্তন আমাৰ কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণৰ সেই অনুসন্ধিৎসু অধ্যায়ত এজোপা ক্ৰমবৰ্দ্ধমান গছৰ গুৰিত দিয়া এমুঠি এমুঠি কেচুসাৰৰ দৰে আছিল। সেই সাৰ দেহত সোমোৱাই আমি গছবিলাক ক্ৰমশঃ বাঢ়ি আহিছিলোঁ। তেখেতৰ লেখাবিলাকে আমাৰ মন মগজুত তোলপাৰ লগাইছিল। আগবাঢ়িছিলোঁ আমি আনন্দ আৰু বেদনাৰ সন্ধানত।
তেখেতৰ পৰা সাহিত্য সৃষ্টিৰ বাবেও অনুপ্ৰাণিত হৈছিলোঁ।
তেখেতে সূত্ৰধাৰ নামৰ আটক ধুনীয়া আলোচনীখনৰ সম্পাদনা আৰম্ভ কৰাৰ পিছত সেই আলোচনীখনলৈ কলিকতাত প্ৰযুক্তিৰ শিক্ষা গ্ৰহণ কৰি থকাৰ মাজতে কবিতা পঠাইছিলোঁ। পিছত চীন দেশৰ পৰাও সাতশৰীলৈ কবিতা আৰু লেখা পঠাইছিলোঁ। মই পঠিওৱা প্ৰতিটো লেখাই তেখেতে প্ৰকাশ কৰিছিল।
সেই লেখা প্ৰকাশিত আলোচনীবিলাকৰ কিছুমান সংখ্যা জীৱনৰ বাটত বাট বুলোতে লগত লৈ ফুৰিছিলোঁ। ইয়াৰ পৰা বহু দূৰৈত চীনদেশৰ এটি বন্ধ এপাৰ্টমেন্টৰ এটি ৱাৰ্ডৰোবত তেনে বহুকেইটা আলোচনীৰ সংস্কৰণ এবছৰতকৈও অধিক সময় লৰচৰ নকৰাকৈ শুই আছে। মহামাৰীয়ে সেই আলোচনীৰ পৃষ্ঠাবিলাক লুটিয়াই চাওঁ বুলিলেও অনিশ্চিত কাললৈ সুযোগ নিদিয়ে।

আজিকালি বহুতো যুৱক-যুৱতীক যেনেকৈ হাই ভল্টেজ নেতাবিলাকে প্ৰভাৱিত কৰে, তেনেকৈ আমাক প্ৰভাৱিত কৰিছিল বৰগোহাঞি চাৰ আৰু ড: ভবেন্দ্ৰ নাথ শইকীয়া চাৰৰ লেখাবিলাকে। আলোচনী আৰু কিতাপ চাইকেল মাৰি মাৰি বজাৰলৈ বা বাছ স্টেণ্ডলৈ গৈ কিতাপৰ দোকানত বিচাৰি বিচাৰি পঢ়িবলৈ আনিছিলোঁ আৰু পঢ়ি পঢ়ি পখীৰাজ ঘোঁৰাৰ পিঠিত উঠি উৰা মাৰিছিলোঁ আকাশলৈ।
বৰগোহাঞি চাৰৰ মৃত্যুৰ বতৰাই জীৱনত আকৌ এবাৰ বেদনাৰ সন্ধানৰ সুযোগ দিলে। বুকুৰ একোণত ঘণীভূত হ’ল এমুঠি শোক।
তেখেতৰ আত্মাৰ কথা নো কি ক’ম? তেখেত আছিল মহাত্মা, তেখেতৰ সৃষ্টি অজৰ অমৰ ।
চিৰশান্তিৰ কথানো কি? জীৱনকালত হেজাৰ তৰুণ-তৰুণীক জীৱনৰ অৰ্থ বিচাৰিবলৈ উদ্বেলিত কৰিব পৰাটোৱেই প্ৰশান্তি নহয় জানো?
স্বৰ্গগামী বুলিও নকওঁ। স্বৰ্গ জানো আছে?
পৃথিৱীত এজন বিপ্লৱী আছিল। এজন যুগদ্ৰষ্টা দাৰ্শনিক আছিল। আজিৰে পৰা নাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *