“প্ৰজ্ঞাৰ সাধকৰ আলোক ছবি “: লেখা: দেবজিৎ গোস্বামী যোৰহাট
যদি অসমীয়া সাহিত্যৰ ধাৰাক আলোচনী ব্যতিৰেকে ব্যক্তিবিশেষৰ নামেৰে নামাকৰণ কৰা হয় তেতিয়া হোমেন বৰগোহাঞি যুগৰ সাহিত্য অভিধা এটা সহজেই আগবঢ়াব পাৰি৷ সম্ভবতঃ অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা প্ৰতিজন অসমীয়াই হোমেন বৰগোহাঞিৰ এখন হলেও কিতাপ পঢ়িছে ৷ ই কম ডাঙৰ কথা নহয় !
ব্যক্তিগত ভাবে দুবাৰ সাক্ষাৎ হৈছিল যদিও সেয়া ক্ষনিকৰহে লগালগি ৷ ছাৰৰ সৈত মত বিনিময় কৰাৰ সুযোগ এটা পাইছিলো ছাৰে মোলৈ কৰা এটা ফোনকলৰ পৰাহে ৷ সেয়া ২০১৯ চনৰ এপ্ৰিল মাহত ৷ দৈনিক জনমভূমিৰ পৰাপূৰিকা বসুন্ধৰাত এছিয়াৰ প্ৰথমটো বীজ ভঁৰাল অন্নপূৰ্ণা বীজ ভঁৰালৰ গৰাকী,জৈৱ প্ৰকৃতি সংৰক্ষক মহান চন্দ্ৰ বৰাৰ সম্পৰ্কে এটি সুদীৰ্ঘ প্ৰৱন্ধ প্ৰকাশ পাইছিল৷ ছাৰে পঢ়িছিল লেখাটো ৷ তাৰ তলতে থকা ফোন নম্বৰটোত ছাৰে মোলৈ ফোন কৰিছিল ৷ মোৰ বাবে সেয়া এক বুজাব নোৱাৰা অনুভৱ আছিল ৷ ছাৰে লেখাটো পঢ়ি ভাল পাইছিল আৰু মহান বৰাক কিদৰে কথা-বাৰ্তা অনুষ্ঠানলৈ মাতিব পাৰি মোৰ লগত আলোচনা কৰিছিল৷
বিষয়টো যিয়েই নহও কিন্তু আচৰিত হলো যে মানুহজনে কিমান খবৰ ৰাখে বাৰু ৷ সেই সম্পৰ্কীয় বিভিন্ন লেখা আৰু তথ্য ইতিমধ্যে ছাৰে বিচাৰি লৈছিলেই ৷ সকলো বিষয়তে মানুহজনে ইমান গভীৰলৈ গৈ উৎসুকতা নিবাৰণ কৰিছিল যে সেয়া এক ভীষণ গ্ৰীষ্মৰ তৃষ্ণাতুৰ ৰ দৰেহে অনুভৱ হয় ৷ আমাৰ কথোপকথৰ সময়তো মানুহজনে এটা শব্দও বেছি বা কমকৈ কোৱা নাছিল ৷ পোণপটীয়াকৈ বিষয় বস্তুৰ আলোচনা হৈছিল আৰু মোৰ আগ্ৰহখিনিক সৌজন্যতাৰ হাঁহিৰে সুন্দৰকৈ প্ৰত্যুত্তৰ দিছিল৷
দ্বিতীয়বাৰ কথাবতৰাতো ঠিক একে অনুভৱ ৷ ফোনটোৰ আনটোমূৰত যে এজন নিয়মানুবৰ্তী , প্ৰাজ্ঞ পুৰুষ আছে সেয়া প্ৰতিক্ষণে আমাৰ অনুভৱত সজীৱ আছিল৷
পঞ্চম শ্ৰেণীৰ পৰা হোমেন বৰগোহাঞি ছাৰৰ সৈতে এক মানসীক সংযোগ আগবাঢ়িছিল ৷ দেউতাই অসমবাণী ৰ লগতে সুত্ৰধাৰ আলোচনীখনো লৈছিল৷ মনত আছে বৰগোহাঞি ছাৰৰ লেখাবোৰ আমাৰ চ’ৰাঘৰত মোৰ শিক্ষাগুৰ প্ৰয়াত ক্ষেত্ৰধৰ বৰগোহাঞি ছাৰৰ সৈতে দেউতাই প্ৰায়ে আলোচনা কৰিছিল ৷ আৰু তাৰে কিছুভাগ আমিও পাইছিলো৷ সেয়াই যথেষ্ট আছিল উৎসুকতা বঢ়োৱাৰ বাবে ৷ পিছলৈ ছাৰৰ কিতাপ খেদি খেদি পঢ়াৰ দৰে৷ শ্ৰেণীৰ পাঠ্য নাছিল যদিও সপ্তম মান শ্ৰেণীতে ” আধুনিক যুগৰ জন্ম কাহিনী ” খন পঢ়িছিলো ৷ আৰু সেয়াই আৰম্ভণি যাৰ শেষ এতিয়াও নাই ৷ গো-গ্ৰাসে গিলিছিলো ছাৰৰ লেখাবোৰ ৷ সুবালাৰ পৰা পিতাপুত্ৰলৈ , কবিতাৰ পৰা আত্মজীৱনী কেইখনলৈ ৷
কিন্ত ছাৰৰ সৰ্বাধীক দুখন কিতাপে মোক প্ৰভাবিত কৰিছিল৷ এক “ মানুহ হোৱাৰ গৌৰৱ” ৷ যিখন কিতাপ অষ্টম শ্ৰেণীত আমাৰ দ্ৰুতপাঠ আছিল। আৰু একেবহাতে পঢ়ি পেলাইছিলো কিতাপখন৷ এইখন কিতাপে এতিয়াও মোৰ খোজবোৰ বহু পৰিমানে নিয়ন্ত্ৰণ কৰে ৷ এই বিষয়ে ছাৰৰ সম্পাদনাতে আমাৰ অসম কাকতত লিখিছিলো এদিন৷ পিছৰখন নিসন্দেহে “অস্তৰাগ” ৷ ৪৫ উৰ্দ্ধৰ প্ৰত্যেকজন ব্যক্তিয়ে এই কিতাপখন পঢ়া উচিত ৷ বয়সৰ সীমাটো কিয় কলো সেয়া কিতাপখন পঢ়াৰ পিছত সকলোৱে বুজিব। মই ভাবো প্ৰতিটো পৰিয়ালৰ জেষ্ঠজনে এই কিতাপখন পিছৰ প্ৰজন্মক পঢ়ুৱাব ৷ ইয়াৰ পাৰ্শ্বক্ৰিয়াৰো সুফল পাব বুলি মোৰ দৃঢ় বিশ্বাস ৷
এইগৰাকী মনীষী কায়িকভাবেহে আঁতৰি গৈছে কিন্তু পূৰ্বৰ দৰে তেখেতৰ ৰচনাৰে সকলোকে প্ৰভাবিত কৰি থাকিব যেতিয়ালৈকে অসমীয়া ভাষা সাহিত্য জীয়াই থাকিব৷
@ ৯১০১০২৮৭৩৯