বৰগোহাঞি ছাৰৰ সেই উদাৰতাক সদায় সুঁৱৰিম… লেখা: বিজয় বেজবৰুৱা, গুৱাহাটী

১.
সকলো লেখকৰে লেখা, বিশেষকৈ ‘গদ্য’ পঢ়িব নোৱাৰি৷ কিন্তু হোমেন বৰগোহাঞিয়ে যিমান গধুৰ লেখা নিলিখক কিয়, একে বহাতে পঢ়িব পাৰি, আমনি নালাগে৷ গল্প বা উপন্যাসত চৈয়দ আব্দুল মালিকৰ যিদৰে এটা নিজা ঠাঁচ আছে, নামটো নোচোৱাকৈ পঢ়িলেও ধৰিব পাৰি কাৰ গল্প বা উপন্যাস; ঠিক তেনেদৰে হোমেন বৰগোহাঞিৰ লেখাৰো এক নিজা ঠাঁচ বা শৈলী আছে৷ যিমান গধুৰ বিষয় নহ’লেও পাঠকক ধৰি ৰাখিবলৈ তেখেত সক্ষম হৈছিল৷ ছাৰৰ লেখাৰ এই গুণটোৱে মোক বিশেষভাৱে আকৰ্ষণ কৰে৷

২.
অসমীয়া সাহিত্য তথা সংবাদ জগতত হোমেন বৰগোহাঞিৰ যি স্থান, সেই স্থান আমি হাতেৰে ঢুকি পোৱাতকৈও বহু ওপৰত৷ বৰ্তমান এনে কিছু লেখক-সাংবাদিকক পাইছো, যিসকলে ফোনটোও ৰিচিভ কৰিব নোখোজে, বহু সময়ত ৰিচিভেই নকৰে, হোৱাট্‌ছএপত মেছেজ দিলেও কোনো উত্তৰ নিদিয়ে! কিন্তু আমি জীৱনত কেতিয়াও হাতেৰে ঢুকি নোপোৱা বৰগোহাঞি ছাৰ আছিল তাৰ সম্পূৰ্ণ ওলোটা৷ এয়া মোৰ বাস্তৱ অভিজ্ঞতা৷ ছাৰে আমাৰ ফোন কোনোদিন গ্ৰহণ নকৰাকৈ থকা নাছিল৷ যথেষ্ট আন্তৰিকতাৰে কথাবোৰ শুনিছিল আৰু আলোচনা কৰিছিল৷ কেতিয়াবা হোৱাটছএপত মেছেজ দিলেও তেওঁ নিজে কল কৰি সেই সন্দৰ্ভত কথা পাতিছিল৷ একপ্ৰকাৰ ‘খাৰাংখাচ’ এই মানুহগৰাকীৰ মনটো আছিল যথেষ্ট উদাৰ৷

৩.
তেখেতৰ উদাৰ মনটোৰ এটা উদাহৰণ দিওঁ আহক৷

মোৰ এগৰাকী ভাতৃস্থানীয় বন্ধু, মোৰ নিজা ভাইটিৰ দৰে৷ আমাৰ গাঁও একেটা অঞ্চলতে৷ সেই ভাইটিজনে এটা ব্যক্তিগত প্ৰতিষ্ঠানত ‘পিয়ন’ৰ কাম কৰিছিল (চৰকাৰী চাকৰিত জ‌ইন কৰিৰ আগতে ময়ো কাম কৰিছিলো তাত)৷ মই লক্ষ্য কৰিছিলো যে সি যথেষ্ট কাম জানে, কোনো কামতে এলাহ নাই, সকলো কামতে আগ্ৰহ আৰু লেখা-মেলাৰ প্ৰতিও ধাউতি আছে৷ গতিকে তাক মই মোৰ ভাৰাঘৰলৈ মাতি নি [তেতিয়া মই বিয়া পতা নাই৷ হেঙেৰাবাৰী অঞ্চলৰ ভাৰঘৰ এটাত আছিলো৷] তাৰ হাতত ধৰি কম্পিউটাৰৰ কিবাকিবি কাম শিকাই দিছিলো৷ এটা সময়ত সি হোমেন বৰগোহাঞি ছাৰৰ অধীনত কাম এটা পালে৷ তাৰ আগ্ৰহ আৰু কৰ্মদক্ষতাৰ কথা ছাৰে ভালদৰেই জানিছিল আৰু তাক খুব ভাল পাইছিল৷ আনকি ছাৰে তাক ছাৰৰ বাসভৱনলৈ প্ৰায়ে মাতি নি [সকলোৱে ছাৰৰ বাসভৱনলৈ যোৱাৰ কথা ভাবিবই নোৱাৰে] তাৰ অভাৱ-অভিযোগৰ বুজ লয় আৰু পাৰ্যমানে সহায় কৰে৷ আনকি জাৰৰ দিনত ছাৰে নিজ হাতে তাক জেকেট পিন্ধাই দিয়া কথাটোও মই ভালদৰেই জানো৷ ছাৰে ইমান মৰম কৰাৰ পাছতো ঘটনা এটা ঘটিল৷ আন এখন কাকতৰ পৰা তালৈ ‘অফাৰ’ এটা আহিল যে সেই কাকতখনে তাক বৰ্তমানতকৈ বেছি দৰমহা দিব! তাক দৰমহাৰ পৰিমাণটোৰ কথাও ক’লে৷ সি বৰগোহাঞি ছাৰক কথাটো নোকোৱাকৈয়ে সেই কাকতখনত ‘জইন’ কৰিলেগৈ৷ কিন্তু তাৰ পাছতহে আচল সমস্যাটোৰ সৈতে সি মুখামুখি হ’ল৷ তাক যিমান দৰমহা দিব বুলি কৈছিল, সিমান দৰমহা তাক নিদিয়া হ’ল কাকতখনে৷ সি নিৰূপায়৷ বৰগোহাঞি ছাৰকো কথাটো ক’ব নোৱাৰে! যিহেতু সি তেখেতক নোসোধাকৈয়ে ওলাই আহিছিল! তথাপি সি উপায় নাপায় বৰগোহাঞি ছাৰত কল কৰি তাৰ ভুল স্বীকাৰ কৰি সকলো কথা ক’লে৷ পোনতে ছাৰে তাক কিছু গালি পাৰি ল’লে৷ তাৰ পাছত ক’লে― ‘কিবা এটা কৰিম৷ চিন্তা নকৰিবি৷’ ছাৰে সেই কাকতখনৰ সম্পাদকলৈ ফোন কৰি ক’লে যে যিজন ল’ৰাক বন্দৱস্ত মতে দৰমহা দিয়া নাই, তাক যদি বন্দৱস্ত কৰা মতে দৰমহা দিয়া নহয়, তেন্তে তেওঁ অকলে গৈ তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিব! গতিকে কি কৰাটো ভাল ভাবি চাব লাগে! ছাৰৰ ফোন পোৱাৰ পাছতে সেই ভাইটিজনৰ দৰমহা বঢ়াই দিয়া হ’ল!

সাধাৰণ ল’ৰা এটাৰ কাৰণে ছাৰে প্ৰতিষ্ঠান এটাৰ দুৱাৰমুখত অকলে ধৰ্ণাত বহিব বুলি কোৱা কথাটো নিশ্চয় সৰু কথা নহয়৷

এতিয়া কথা হ’ল, সেই ভাইটিজনে ছাৰক একপ্ৰকাৰ ‘গাড্ডাৰি’ কৰি ওলাই অহাৰ পাছতো কিন্তু ছাৰে তেওঁৰ অহিত চিন্তা কৰা নাছিল৷ (এই কথাটো ঠিক, বেলেগ মানুহ হোৱা হ’লে হয়তো এনেধৰণৰ ল’ৰাৰ ফোনেই ৰিচিভ নকৰিলেহেঁতেন!) এয়াই আছিল— হোমেন বৰগোহাঞি৷ হোমেন বৰগোহাঞি ছাৰ৷

ছাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷…

Leave a Reply

Your email address will not be published. Required fields are marked *