হোমেন বৰগোহাঞি দেৱে বনাই খুওৱা সেই চাহকাপ…… লেখা: অচ্যুতকৃষ্ণ কলিতা, গুৱাহাটী
হোমেন বৰগোহাঞি দেৱক লগ পোৱাটো অসমৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে আগ্ৰহ আৰু গৌৰৱৰ বিষয়। এনে গৌৰৱৰ অধিকাৰী হোৱাটো জীৱনৰ এটি সময়ত হৈছিল। তেখেতৰ “কিতাপ পঢ়াৰ আনন্দ” গ্ৰন্থৰ জৰিয়তে তেখেতে দিয়া অনাবিল জগতখনত পৰিভ্ৰমণ কৰাৰ সূযোগ পাইছিলোঁ। জন্মসূত্ৰে ঢকুৱাখনাৰ হোৱা হেতুকে তেখেতৰ কিছু অঙহী বঙহীক সততে লগ পাইছিলোঁ। তেখেতসকলৰ মুখাবয়বত হোমেন বৰগোহাঞি দেৱৰ মুখাবয়ব বিচাৰি পাইছিলোঁ। তেখেতৰ লেখনিত প্ৰাণ পাই উঠা ঢকুৱাখনাৰ মহঘূলি চাপৰিত বিচাৰি ফুৰিছিলো তেখেতৰ শৈশৱক। প্ৰতিটো বালি চাপৰিত যেন হোমেন বৰগোহাঞি লুকাই আছে। গৰখীয়া গল্পটোৰ মাজত সন্ধিয়া গাৱলৈ গৰুৰ পাল লৈ অহা গৰখীয়াসকলক বিচাৰি পাইছিলো।
বিশ্ববিদ্যালয়ৰ জীৱন পাৰ কৰাৰ পিছত এদিন হঠাতেই তেখেতক লগ পোৱাৰ সৌভাগ্য হ’ল। বন্ধু অৰূপম দাসে দুপৰীয়া মোক ফোন কৰিলে যে” আজি আবেলি ৫ বজাত বৰগোহাঞি চাৰক লগ পাবলৈ যাম।” ইমান এজন হেঁপাহৰ মানুহক লগ নকৰোঁ বুলি কোৱাৰ প্ৰশ্নই নাই। আমি গৈ পাওঁতে ৫ বাজি দহমিনিট পাৰ হৈছে। তেখেতে ভিতৰলৈ মাতিলে যদিও গালিও পাৰিলে দহমিনিট দেৰি হোৱাৰ বাবে। সিদিনাই বুজিলোঁ তেখেতসকলৰ বাবে সময়ৰ মূল্য কিমান অপৰিসীম।
দ্বিতীয়বাৰ পুনৰ এবাৰ সূযোগ মিলিল সম্পূৰ্ণ ঘৰুৱা পৰিবেশত। ঢকুৱাখনাত স্থাপন কৰা হৈছে” হোমেন বৰগোহাঞি ন্যাস”। গৌৰৱৰ কথা আৰু উল্লেখ কৰিব বিচাৰিছোঁ এইয়ে যে তেখেতৰ জীৱনকালতে ঢকুৱাখনাত হোমেন বৰগোহাঞি ন্যাস গঠন কৰা হ’ল। সেই ন্যাসলৈ বৰগোহাঞি দেৱে তেখেতৰ সংগ্ৰহত থকা গ্ৰন্থ সমূহ আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিলে। এইক্ষেত্ৰত ন্যাস সমিতিৰ ওপৰিও মন্ত্ৰী নৱ কুমাৰ দলে দেৱে আগভাগ লৈছিল। নৱ দাই অৰূপমক মতাই অনাৰ ওপৰিও আমাকো কিছু সহায় কৰি দিয়াৰ কথা কৈছিল। আমাৰ কামটো হ’ল কাৰ্টুন বিচাৰি আনি কিতাপবোৰ পেকিং কৰা। আমি তিনি বন্ধু অৰূপম, মই আৰু কৰুণা বৰুৱা কামে কাজে লাগি গলো। মাজে মাজে খবৰ লবলৈ আহিল মন্ত্ৰী নৱ দাৰ সহায়ক প্ৰাঞ্জল। হোমেন বৰগোহাঞি দেৱে আমাৰ কাষতে বহি বিভিন্ন ধেমেলীয়া কথাৰে আমাৰ সঞ্জীৱিত কৰি ৰাখিছিল। মাজে মাজে কয় মই চাহ একাপ তোমালোকলৈ বনাই দিওঁ। দুবাৰমান বাধা দিয়াৰ পিছতো তেখেতে চাহ তৈয়াৰ কৰি আনিলে। প্ৰখ্যাত ব্যক্তি হোমেন বৰগোহাঞি দেৱে বনাই দিয়া চাহকাপ ধূলিময় হাতেৰেই মুখত লৈ ভাবিলো এইকাপ চাহ মোৰ জীৱনৰ স্মৰণীয় হৈ ৰব। সেইদিনা বেলেগ এজন হোমেন বৰগোহাঞিক আবিস্কাৰ কৰিলোঁ। তেখেতৰ মহাপ্ৰয়াণৰ বাতৰি পোৱাৰ পিছত চাহ একাপ খাবলৈ লৈওঁ যেন সেইকাপ চাহৰ সুঘ্ৰাণ পুনৰ এবাৰ মুখত লাগিল ৷