বিদায় যতীন…
কাজিৰঙা, ১৩ মে’:
সময় বোৱতী নৈ ৷ সময় কাৰো বাবে নাথাকে ৰৈ৷ সময়ে কাকো ক্ষমা নকৰে ৷সময় হল সদ্য হাস্যবদন লৰাটো গুচি গল ৷হঠাতে গুচি গল সংগোপনে ৷কাকো নকলে ৷মাত লগাবলৈ সময় নহল ৷
কাজিৰঙাৰ কহঁৰাত অৱস্থিত কহঁৰা মেডিকেল নামৰ ফাৰ্মাচিত কৰ্মৰত যতীন আছিল অমায়িক,সুন্দৰ মনৰ অধিকাৰী ৷ অতি কম সময়ৰ ভিতৰতে কহঁৰাৰ লগতে কাজিৰঙাৰ সকলো লোকৰে প্ৰিয় হৈ পৰিছিল যতীন ৷ কেৱল ইমানেই নহয় কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰতিজন সদস্যৰ লগত সুন্দৰ সম্বন্ধ গঢ় লৈ উঠিছিল যতীনৰ ৷
কোনেও ভাবিব নোৱাৰাকৈ শুক্ৰবাৰৰ নিশাটো অভিশপ্ত হৈ পৰিল যতীনৰ বাবে ৷ কাজিৰঙাৰ বচাগাওঁত অনুষ্ঠিত হোৱা কাজিৰঙা বিহু সন্মিলন উপভোগ কৰি বোকাখাতৰ ঘৰলৈ গৈ থকা সময়ত লতাবাৰীত অচিনাক্ত বাহনে মহতিয়াই থৈ যায় যতীন দাসক ৷ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাবতি লয় সদ্য হাস্যবদন যতীনে ৷
যতীন গুচি গল একেবাৰে…ঘুৰি অহাৰ প্ৰতিশ্ৰুতি নিদিয়াকে ৷আত্মাৰ জন্ম আৰু মৃত্যু নাই ৷আত্মা সদায় অজন্ম,অন্তহীন,শাশ্বত ৷শৰীৰৰ মৃত্যু হয় কিন্তু আত্মা অজৰ- অমৰ ৷ সেয়ে পাৰ্থিব শৰীৰৰ মৃত্যু মানেই আত্মাৰ বিনাশ নুবুজায় ৷ পিছে এই সত্যক উপলব্ধি কৰিব পাৰিও মানুহে বাস্তৱ জীৱনত ইয়াক মানি লবলৈ কঠিন হৈ পৰে ৷সেয়ে অতি আপোন কোনোবাজনৰ বিয়োগত আমাৰ মন স্বাভাবিকতে শোকাছন্ন হৈ উঠে ৷মৃত্যু এটা শাশ্বত আৰু কৰুণতম শব্দ ৷ এই পৃথিৱীৰ সকলো প্ৰাণীৰে এদিন জন্ম হলে মৃত্যু হবই ৷কবিৰ মতে ,”মৃত্যুও এটা শিল্প , জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য ৷”এই মৃত্যু কৰুণ,বেদনাদায়ক আৰু হৃদয়বিদাৰক ৷ ইয়াক বাধা দিব পৰা শক্তি কাৰোৱে নাই ৷যতীনৰ মৃত্যুৱে সকলোৰে অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিলে ৷শোক সন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰত গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ৷ অশ্ৰুশিক্ত নয়নে আজি তাকেই কামনা কৰিছো ৷