ব্যতিক্ৰমী বিষয়বস্তুৰ ওপৰত নিৰ্মিত বাস্তৱধৰ্মী সামাজিক নাটক “নেদেখা ছবি“

পলিমা বি চেতিয়া:

নাটকৰ নামেই কথা কয় “নেদেখা ছবি”৷ ব্যতিক্ৰমী বিষয়বস্তুক প্ৰাধান্য কৰি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ত্ৰিমূৰ্ত্তি প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা বাস্তৱধৰ্মী নাটকখনি যোৱা ১২ জুনৰ দিনা প্ৰথম প্ৰদৰ্শনীতে চালোঁ ৷সন্তান জন্ম দি তুলি-তালি ডাঙৰ দীঘল কৰাৰ প্ৰতিদান হিচাপে উচ্চ শিক্ষিত সন্তানে নিজ পিতৃ-মাতৃৰ বৃদ্ধ বয়সৰ সাৰথি হোৱাৰ পৰিবৰ্তে কিদৰে বিভিন্ন অজুহাতত বৃদ্ধাশ্ৰমলৈ ঠেলি দি জীৱনৰ শেষ আশ্ৰয় বুলি ভাবিবলৈ বাধ্য কৰায় তাৰেই এক মৰ্মস্পৰ্শী ঘটনাৰ আলমত ৰচিত নাট “নেদেখা ছবি ” ৷ঢেকিয়াজুলিৰ এগৰাকী বলিষ্ঠ অভিনেতা,পৰিচালক বিশ্বজ্যোতি বৰাৰ ৰচনা আৰু ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা অলকেশ প্ৰাণ মহন্তৰ পৰিচালনা আৰু প্ৰবীণ অভিনেতা দীপক বৰুৱাৰ সামগ্ৰিক পৰিচালনাত নাটখনিয়ে এক অনন্য মাত্ৰা লাভ কৰিলে৷
কেন্দ্ৰীয় চৰিত্ৰত ঢেকিয়াজুলি বনাঞ্চলিক বিষয়া নেত্ৰজ্যোতি গায়ন ,ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক তথা সুদক্ষ আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁই,ঢেকিয়াজুলি ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডা° অমৰজ্যোতি বড়ো, প্ৰবক্তা প্ৰণীতা চহৰীয়া নাথ,অভিযন্তা ধ্ৰুৱ প্ৰসাদ নাথৰ লগতে প্ৰবীণ অভিনেতা মুনীন্দ্ৰ দাস, দীপক বৰুৱা,মৃদুল ডেকা,পূৰ্ণকান্ত ৰয়,ৰিংকু দেৱী,বিদিশা শিৱম,ভাগ্যশ্ৰী বৰুৱা,প্ৰাণজিৎ দাস,মানস নাথৰ অভিনয় সচাকৈয়ে বৰ ভাললগা আছিল ৷ শিশু শিল্পী অক্ষিতা মহন্ত,দীক্ষিত বৰা,ডিয়াংশু বৰুৱা,লাকী বৰুৱাই কৰা অভিনয়ো আছিল মনপৰশা ৷

নাটকখনিৰ আটাইতকৈ ভাল লগা অভিনয়ৰ কথা ক’বলৈ হলে একেআষাৰে ক’ম কৃষি বিভাগৰ কৰ্মচাৰী মুনীন্দ্ৰ দাসৰ অভিনয়ৰ কথা ৷নাটকৰ কাহিনীত সপোনৰ পাছত দৌৰিবলৈ অক্ষম হৈ আত্মহত্যা কৰা একমাত্ৰ সন্তানৰ মৃত্যুৰ পাছত পত্নীবিহীন জীৱন এটা বৃদ্ধাশ্ৰমত কটোৱাৰ সময়তো জীৱন চেতনাৰে উদ্বুদ্ধ হোৱাৰ সমান্তৰালভাৱে সামগ্ৰিক পৰিবেশটোও জীপাল কৰি তোলা তেখেতৰ চৰিত্ৰৰ অভিনয় অনবদ্য আছিল৷ সামান্য এটা সুযোগো এৰা নাছিল তেখেতে অভিনয়ৰ ক্ষেত্ৰত। মঞ্চত জ্বলি থকা জুইকুৰা হঠাৎ বাঢ়ি যাওঁতে কৰা মন্তব্য, সহ অভিনেতাৰ পৰি যোৱা গামোচা তুলি দিয়াকে প্ৰমুখ্য কৰি অভিনয়ত নথকা সৰু সৰু কামবোৰো অতি দক্ষতাৰে অভিনয়ৰ মাধ্যমেৰে সমাধান কৰাটো এজন দক্ষ অভিনেতাৰ পৰিচয়৷ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰিয়ংকা বুঢ়াগোহাঁইৰ অভিনয় সুন্দৰ হৈছে ৷ কিছু কিছু দৃশ্যত আৰু অলপ সাৱলীলতা আনিব পৰাৰ সুযোগ আছিল যদিও তেওঁৰ জীৱনৰ প্ৰথম অভিনয় হিচাপে নাটকখনত তেখেতে কৰা কষ্ট অভিনয়তে প্ৰকাশ পাইছে ৷অত্যাধিক ব্যস্ততাৰ আৰক্ষী বিষয়াৰ চাকৰিৰ হেঁতুকে ৰিহাৰ্চেলৰ বাবে পৰ্যাপ্ত সময় নোপোৱাৰ পাছতো নাটকখনিৰ এটি মুখ্য চৰিত্ৰত প্ৰথমৰে পৰা অন্তিমটো দৃশ্যলৈকে অভিনয় কৰা প্ৰিয়ংকাৰ পৰা ভবিষ্যতে আৰু বহুত সুন্দৰ অভিনয় দেখা পোৱাৰ বিশ্বাস ৰাখিলোঁ ৷শিক্ষক মৃদুল ডেকাৰ অভিনয় সাৱলীল,তেখেতে নিজৰ চৰিত্ৰৰ ক্ষেত্ৰত যথাযথ অভিনয় কৰিছে৷প্ৰবক্তা প্ৰণীতা চহৰীয়া নাথেও চৰিত্ৰৰ সীমাবদ্ধতাত যিমানখিনিলৈকে অভিনয়ৰ সুযোগ পাইছে সিমানখিনি খটুৱাইছে , বিশেষকৈ অভিব্যক্তি প্ৰকাশৰ দৃশ্য সমূহত ৷পশু চিকিৎসা বিষয়া ডা° অমৰজ্যোতি বড়োৰ অভিনয় সুন্দৰ ৷ চৰিত্ৰৰ দাবীমতে অভিনয়ৰ ক্ষেত্ৰত সুবিচাৰ কৰিছে বুলি কবই লাগিব ৷ বনাঞ্চলিক বিষয়া নেত্ৰজ্যোতি গায়নৰো অভিনয় যথেষ্ট সুন্দৰ হৈছে -বিশেষকৈ ধ্ৰুৱ প্ৰসাদ নাথ আৰু মুনীন্দ্ৰ দাসৰ মাজত সোমাই কাজিয়াবোৰ ভঙাৰ ক্ষেত্ৰত ৷ প্ৰাক্তন সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰা অভিযন্তা ধ্ৰুৱ প্ৰসাদ নাথৰ অভিনয়ো সুন্দৰ ৷ বিশেষকৈ বৃদ্ধাশ্ৰমৰ পৰা ঘৰলৈ যাবলৈ লওঁতে পুত্ৰই এৰি যোৱাৰ সময়ৰ অভিনয় ৷ প্ৰিয়ংকাৰ সহকৰ্মীৰ চৰিত্ৰত অভিনয় কৰা বিদিশা শিৱমৰ অভিনয় অনন্য ৷ সুন্দৰ অভিব্যক্তি আৰু সাৱলীল উপস্থাপনেৰে তেওঁৰ অভিনয় সুন্দৰ হৈছে৷ আন এক মুখ্য চৰিত্ৰ ৰিংকু দেৱীৰ অভিনয়ৰ কথা নকলে লেখাটোৱেই আধৰুৱা হৈ ৰ’ব ৷ তথাকথিত আধুনিকা বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰি তেখেতে সাম্প্ৰতিক সময়ৰ অৰ্থসৰ্বস্ব চৰিত্ৰটো ফুটাই তোলাত এশ শতাংশ সফল হৈছে ৷

পোহৰ ভাল হৈছে, এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যাওঁতে মঞ্চ সজ্জাৰ কামবোৰ আৰু অলপ কম হলে ভাল ৷ শব্দই মাজে-সময়ে অলপ দিগদাৰ দিছে যদিও শুনাত সমস্যা হোৱা নাই ৷ বাকী প্ৰবীণ অভিনেতা তিলক নাথ আৰু হৃদয় নাথৰ সাজসজ্জা, ৰূপসজ্জা আৰু মঞ্চসজ্জা বৰ ভাললগা৷ বাদ্যযন্ত্ৰী হেমাংগ চাঁদ বৰা,নয়ণ ভৰালী,কলা নিৰ্দেশনা বিশ্বজ্যোতি বৰা,শিল্পী তথা শিক্ষক ৰঞ্জন শইকীয়াৰ কামো শলাগিবলগীয়া ৷

শেষত এটা কথাই ক’ম যে “নেদেখা ছবি“ৰ মাধ্যমেৰে আমি ভবিষ্যত দেখিলোঁ ৷ পিতৃ-মাতৃয়ে সন্তানৰ ওপৰত জাপি দিয়া অত্যধিক সপোনত মানসিকভাৱে কোঙা হৈ পৰি সন্তানে দিঠকৰ বাট বিচাৰি নাপাই হাহাকাৰ কৰি আদবাটতে জীৱন সামৰাৰ দৰে বৰ্তমান সময়ৰ আটাইতকৈ দুখজনক সমস্যাটো নাট্যকাৰে অতি কৌশলপূৰ্ণভাৱে নাটকৰ মাধ্যমেৰে উপস্থাপন কৰি প্ৰতিজন দৰ্শকক এক মুহূৰ্তৰ বাবে হলেও ৰৈ যাবলৈ বাধ্য কৰিছে ৷ অভিনয়ৰ ক্ষেত্ৰত কিবা কম-বেছি হলেও নাটকৰ শক্তিশালী কাহিনীয়ে সকলো সামৰি ল’বলৈ নিশ্চিত ভাৱে সক্ষম হ’ল ৷ অনাগত সময়তো এনে সবল নাট আমি যাতে উপভোগ কৰিবলৈ পাই থাকোঁ তাৰবাবে নাটকখনিৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ মোৰ আন্তৰিক শুভকামনা থাকিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *