জ্যেষ্ঠ সাংবাদিক পৱন কামানলৈ “প্ৰবীণ সাংবাদিক প্ৰতাপ হাজৰিকা সোঁৱৰণী মফছলীয়া সংবাদ সেৱা বঁটা-২০২৪”

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ জুলাই: গোলাঘাট জিলাৰ মহুৰামুখৰ অফলা নামৰ এখন বানবিধ্বস্ত আৰু অখ্যাত গাঁৱত জন্ম গ্ৰহণ কৰি সদায় দেখি থকা অঞ্চলটোৰ জ্বলন্ত সমস্যাসমূহ চৰকাৰক দৃষ্টি গোচৰ কৰাৰ লক্ষ্য বুকুত বান্ধি ২০১০ চনত সংবাদ ক্ষেত্ৰখনলৈ ওলাই অহা জ্যেষ্ঠ সাংবাদিক পৱন কামানৰ নাম কমাৰগাঁও প্ৰেছ ক্লাবে “প্ৰবীণ সাংবাদিক প্ৰতাপ হাজৰিকা সোঁৱৰণী মফছলীয়া সংবাদ সেৱা বঁটা-২০২৪” ৰ বাবে মনোনীত কৰিছে।
পৱন কামানে ইপিমধ্যে মিচিং জাতীয় সংগঠনৰ “গোলাঘাট জিলা শ্রেষ্ঠ গ্ৰাম্য যুৱ সাংবাদিকতা বঁটা-২০১৯”, বৰ্ণিল আলোচনীৰ ৰাজ্যিক বঁটা “শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা-২০২০”, ধুবুৰী দুৰ্নীতি দৰ্পণ’ৰ গোষ্ঠীৰ ৰাজ্যিক বঁটা “প্ৰয়াত সাংবাদিক দিলিপ কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী গ্ৰাম্য সাংবাদিক বঁটা – ২০২০”, “গোর্খা বন্ধু ” উপাধি আদি বহুতো ৰাজহুৱা স্বীকৃতি লাভ কৰিছে। ইপিনে বিশেষ দিনত প্ৰশাসনৰ বিশেষ সম্বৰ্ধনাও লাভ কৰিছে।
বৰ্তমান পৱন কামান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *