সাংবাদিকক অসৌজন্যমূলক আচৰণ কৰা আৰক্ষীক শাস্তিমুলক বদলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ আগষ্ট: কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াক অসৌজন্যমূলক আচৰণ কৰা কহঁৰা আৰক্ষীৰ হেড কনিষ্টবল দীপক বৰাক শাস্তিমুলক বদলি ৷ যোৱা ৭ জুলাইত কাজিৰঙাত বানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত বন্য জীৱকুল আৰু বান উপদ্ৰুত গ্ৰামাঞ্চলৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত প্ৰতিদিন টাইমৰ কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াক আৰক্ষীয়ে অভব্য আচৰণ কৰি ৰাজহুৱা ভাৱে অপদস্থ কৰিছিল৷ ইয়াৰ পাছতে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু একাংশ জাতীয় সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্য্যসুচী হাতত লৈ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতে মেৰাপানীলৈ শাস্তিমুলক বদলি আৰক্ষীগৰাকীৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *