কাজিৰঙা শাখা কবি সন্মিলনৰ নতুন সমিতি গঠন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ এপ্ৰিল: কাজিৰঙা শাখা কবি সন্মিলনৰ পূৰ্বৰ সমিতি ভংগ কৰি গঠন কৰা হয় এখন নতুন পূৰ্ণাংগ সমিতি ৷বুধবাৰে কাজিৰঙা ক্ৰীয়া সন্থাৰ দিৰিং চাৰিআলি স্থিত ক্লাৱগৃহত অনুষ্ঠিত হোৱা সভাত কাজিৰঙা শাখা কবি সন্মিলনৰ সভাপতিৰ দায়িত্ব শিক্ষক যতীন বৰদলৈ আৰু সম্পাদকৰ দায়িত্ব সাংবাদিক মনোজ প্ৰতিম শইকীয়াক অৰ্পণ কৰে ৷ ইয়াৰোপৰি উক্ত সভাতে চিন্ময় ধৰ,তৰুণ ৰাজখোৱা আৰু ৰূপজ্যোতি শইকীয়া গগৈক উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হয় ।ইয়াৰ লগতে সহকাৰী সম্পাদক নিজৰা দত্ত,উপ সভানেত্ৰী দিপিকা শইকীয়া,জিলা প্ৰতিনিধি জিনা গগৈ,কাৰ্যালয় সম্পাদক বৰষা বৰা,প্ৰত্ৰিকা সম্পাদক মৃদুস্মিতা গগৈ,মুখ্য ব্যৱস্থাপক দিব্যজ্যোতি শইকীয়া,প্ৰচাৰ সম্পাদকৰ দায়িত্ব ঋতুপৰ্ণ তামুলীক অৰ্পণ কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *