কাজিৰঙাৰ ৰাজপথত এনফৰ্চমেণ্টৰ দাদাগিৰি

এনিমেল কৰিদৰত হাতত লাঠি লৈ গুণ্ডাটেক্স সংগ্ৰহ এনফৰ্চমেণ্টৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ অক্টোবৰ :
কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনফৰ্চমেন্টৰ বিষয়া কৰ্মচাৰীৰ দাদাগিৰি চলি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ হাতত লাঠী লৈ গুন্দা টেক্স সংগ্ৰহ কৰে এনফৰ্চমেণ্টৰ বিষয়া কৰ্মচাৰীয়ে ৷ এনিমেল কৰিদৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পাৰ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি মালবাহী ট্ৰাকৰ দীঘলীয়া শাড়ী কৰি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে কিছু দিনৰ পৰা ৷ উল্লেখ্য যে শুক্ৰবাৰে নগাওঁ জিলা এনফৰ্চমেণ্ট ইন্সপেক্টৰ মাধৱ ৰাভাৰ নেতৃত্বত অহা বিষয়া কৰ্মচাৰীসকলে কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰিস্থিত এনিমেল কৰিদৰ টোৰ কাষতে বন্যহস্তী পাৰ হোৱাৰ সুযোগ লৈ ট্ৰাকসমুহ ৰখাই দিয়ে ৷ ইয়াৰ পাছতে প্ৰতিখন ট্ৰাকৰ পৰা টকা সংগ্ৰহ কৰিবলৈ আগবাঢ়ে ৷ ট্ৰাকৰ চালকে টকা নিদিলেই এনফৰ্চমেণ্টৰ বিষয়াৰ আদেশ “মাৰ তাক মাৰ” ৷ ট্ৰাক চালকৰ বিস্ফোৰক অভিযোগ যে প্ৰায়ে সন্ধ্যাৰ সময়ছোৱাত এইসকল বিষয়া কৰ্মচাৰীয়ে বাহন ৰখাই প্ৰতিখন বাহনৰ পৰা তিনিশ,পাচঁশ হাজাৰ টকা পৰ্যন্ত দাবী কৰে ৷ আনহাতে ট্ৰাকসমুহ ৰখাবলৈ সংকেত দিয়াৰ পাছতে চালকে ট্ৰাকসমুহ ৰখাই প্ৰয়োজনীয় সকলো নথি পত্ৰ লৈ সোমাইথাকিবলগীয়া হয় কাষতে থকা হাবিত ৷ কিয়নো দাৱী কৰা ধন নিদিলেই বাহনৰ সকলো নথি পত্ৰ ৰাখি থয় এনফৰ্চমেণ্টৰ বিষয়া-কৰ্মচাৰীয়ে ৷ এনিমেল কৰিদৰত ট্ৰাক ৰখাই ধন দাৱী কৰি থাকোতেই সাংবাদিকৰ কেমেৰা দেখি দৌৰি গাড়ীত উঠিল এনফৰ্চমেন্টৰ বিষয়া কৰ্মচাৰী। শুক্ৰবাৰে সন্ধিয়া কলিয়াবৰ মহকুমা অন্তৰ্গত কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এনে দৃশ্য দেখা পোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷এফালে এনিমেল কৰিদৰত ট্ৰাক ৰখাই ধনদাৱী কৰাৰ বিপৰীতে ট্ৰাক চালকক হাৰাশাস্তি কৰা এইসকল এনফৰ্চমেণ্টৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে নগাও জিলা প্ৰশাসনক ব্যৱস্থা লবলৈ অনুৰোধ জনাইছে সচেতন মহলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *