নাহৰণিৰ বাবুলৰ নেতৃত্বত চোৰাং সাঁচিৰ বেহা, কমাৰগাঁৱত জব্দ কোটি টকাৰ সাঁচি কাঠ

তদন্তকাৰী বিষয়াক মুখ নুখুলিবলৈ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩১ অক্টোবৰ: কমাৰগাঁৱত কোটি টকাৰ সাঁচি কাঠ জব্দ। কমাৰগাঁও আৰক্ষীয়ে বুধবাৰে নিশা কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে সাঁচি কাঠ ভৰ্ত্তি এখন পাঞ্জাৱবডী ট্ৰাক। কমাৰগাঁও থানৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বিশেষ সূত্ৰ ভিত্তিত দেৰগাঁও নাহৰণিৰ পৰা হোজাই নিলবাগানলৈ কোটি টকা মূল্যৰ সাঁচি কাঠ সৰবৰাহ কৰি থকা অবস্থাত AS 01 DC 3673 নম্বৰৰ দহচকীয়া পাঞ্জাব বডি ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, দেৰগাঁৱৰ নাহৰণিৰ জনৈক বাবুল আলি নামৰ লোকজনে কোনো নথি পত্ৰ নোহোৱাকৈ সৰবৰাহ কৰিছিল বৃহৎ মূল্যৰ সাঁচি কাঠখিনি। বাবুল আলি নামৰ লোকজনৰ নেতৃত্বত বহু দিন ধৰি ৰাষ্ট্ৰীয় ঘাই পথেৰে সৰবৰাহ হৈ আহিছে কোটি কোটি টকা মূল্যৰ চোৰাং সাঁচি কাঠ। বিভিন্ন সময়ত বাবুলৰ নেতৃত্বত চলা চোৰাং কাঠৰ গাড়ী আৰক্ষী তথা বন বিভাগে জব্দ কৰিছে যদিও সৰবৰাহকাৰী জনৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। আনহাতে, কমাৰগাঁও থানৰ ভাৰ প্ৰাপ্ত বিষয়া জনক সংবাদ মাধ্যমৰ আগত ঘটনাৰ সন্দৰ্ভত মুখ নুখুলিবলৈ নিৰ্দেশ দিছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে। উল্লেখ যে, কোনো বৈধ নথি পত্ৰ নোহোৱাকৈ কোটি টকাৰ সাঁচি কাঠ কঢ়িয়াই অনা ট্ৰাকখনৰ বৈধতা প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে সাঁচি বেপাৰীক সময় দিছে ৪৮ ঘণ্টাৰ। তথ্য মতে, শুক্ৰবাৰে দিনটোৰ ভিতৰত বৈধতাৰ প্ৰমাণ দিবলৈ সাঁচি বেপাৰীক জাননী জাৰি কৰিছে কমাৰগাঁও আৰক্ষীয়ে। প্ৰণিধানযোগ্য যে, বন আইন অনুসৰি বনজ সম্পদ আৰক্ষীয়ে জব্দ কৰাৰ পাছত সংশ্লিষ্ট বন বিভাগক চমজাই দিব লাগে। কিন্তু খবৰ পাই কমাৰগাঁও থানালৈ বন বিভাগৰ লোক অহাৰ পাছতো আৰক্ষীয়ে কোটি টকাৰ সাঁচি ভৰ্ত্তি ট্ৰাকখন চমজাই নিদিলে বনবিভাগক।

Leave a Reply

Your email address will not be published. Required fields are marked *