কাজিৰঙাত নিষিদ্ধ গুটখাজাতীয় সামগ্ৰী, মহকুমা প্ৰশাসনৰ পদক্ষেপক শলাগ লৈছে উদ্যান কৰ্তৃপক্ষ তথা সচেতন মহলে

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ নৱেম্বৰ :
কাজিৰঙাৰ কহঁৰাত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ৷ কহঁৰা আৰক্ষী চকীৰ পৰা তিনিশ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত গুটখাজাতীয় সামগ্ৰী সেৱন,বেচা -কিনা কৰাত নিষেধাজ্ঞা প্ৰদান কৰিছে প্ৰশাসনে ৷কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ কেন্দ্ৰস্থল কহঁৰা চাৰিআলিক প্ৰদুষণ মুক্ত কৰি ৰাখিবৰ বাবে লোৱা পদক্ষেপক শলাগ জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে সচেতন মহলে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মহকুমা প্ৰশাসনৰ এই প্ৰচেষ্টাক শলাগ লৈ কয় যে কাজিৰঙাৰ কাষৰীয়া অঞ্চলসমুহৰ পৰা গুটখাৰ বহু পেকেট বতাহ আৰু নদীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি উদ্যানৰ বন্য জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়ত মহকুমা প্ৰশাসনে এক আদৰ্শনীয় পদক্ষেপ হাতত লৈছে ৷ আনহাতে কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সংস্থাৰ বিষয়ববীয়া বিতোপণ গগৈয়ে কয় যে কাজিৰঙাৰ লগতে অসমৰ প্ৰতিখন পৰ্যটনস্থলীত তিনিশ মিটাৰৰ বিপৰীতে পাচঁশ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত এই নিৰ্দেশনা বাহাল ৰাখক ৷ কাজিৰঙা হোটেল এছচিয়েচনৰ সম্পাদক পংকজ গগৈয়েও মহকুমা প্ৰশাসনৰ এই পদক্ষেপক শলাগ লৈ কয় যে তিনিশ মিটাৰৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া প্ৰতিটো অঞ্চলতে জাৰি কৰক এই নিৰ্দেশনা ৷ কিয়নো তিনিশ মিটাৰ ব্যাসাৰ্দ্ধৰ বাহিৰত গুটখা গ্ৰহণ কৰি পেলাই দিয়া পেকেটোও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগলৈ যাব পাৰে ৷ মহকুমা প্ৰশাসনক এই পদক্ষেপ যাতে ফুটুকাৰ ফেনলৈ পৰিণত নহয় তাৰ ওপৰত চকু দিবলৈ দাৱী জনাই সম্পাদকগৰাকীয়ে ৷ তদুপৰি মহকুমা প্ৰশাসনৰ এই সিদ্ধান্তক গুটখা ব্যৱসায়িক প্ৰতিষ্ঠানসমুহৰ ব্যৱসায়ীসকলেও আদৰণি জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *