বৰ্ণাঢ্য কাৰ্যসূচীৰে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন:
কাজিৰঙা লাইভ, কমাৰগাঁও, ১৭ নৱেম্বৰ : কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা মুক্ত আৰু দায়বদ্ধ সংবাদ সেৱাৰ প্ৰতীক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আজি সফল সামৰণী পাৰে। আজি বংকুৱাল হাইস্কুলৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত মুকলি সভাত নিয়মীয়া বাৰ্তা আৰু নিউজ লাইভৰ কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজক আৰু সুদক্ষ আৰক্ষী বিষয়া তথা মুখ্য মন্ত্ৰী পদক ২০১৯ প্ৰাপক দেবজিৎ কুমাৰ বৰিক সম্বৰ্ধনা পত্ৰ, জাতীয় বস্ত্ৰ আৰু স্মৰকেৰে বিশেষ সন্মান আৰু সম্বৰ্ধনা জনায়। ডঃ দুৰ্লভ বৰিৰ সঞ্চালনত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট সাংবাদিক, লেখক, প্ৰকৃতি প্ৰেমী অপূৰ্ৱ বল্লভ গোস্বামীয়ে। নিজৰ ভাষণ প্ৰসংগত গোস্বামীয়ে দেশ আৰু জাতিৰ হকে নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই অহা সাংবাদিকসকলক চূড়ান্ত বঞ্চনা কৰি আহিছে মালিক আৰু চৰকাৰী পক্ষই। এই বঞ্চনা বিৰুদ্ধে একত্ৰিত সংগ্ৰামৰ প্ৰয়োজন আছে বুলি কয়। সভাত সন্মানীয় অতিথি হিচাপে সংগ্ৰামী নেতা তথা এম এ চিৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, বিশিষ্ট অতিথি হিচাপে সংগ্ৰামী নেতা পদ্মকান্ত লইং, বিশিষ্ট সাহিত্যিক তথা গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি মহেশ্বৰ শইকীয়া, এম এ চিৰ সাধাৰণ সদস্য সুধীৰ চন্দ্ৰ মৰাং, গোর্খা ছাত্ৰ নেতা ৰুদ্ৰ ছেত্ৰী, টি এম পি কেৰ সহকাৰী সম্পাদক প্ৰসেন লইং, টি এম পি কেৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰশান্ত লইং, এম এম কেৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰেম কুমাৰ দলেয়ে ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা গ্ৰহণ কৰা বিশিষ্ট ব্যক্তি দুগৰাকীয়েও বক্তব্য আগবঢ়াই। কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামানে উদ্দেশ্যে ব্যাখ্যা কৰা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে সংস্থাৰ সভাপতি মহেন শইকীয়াই। এন কে কে ডান্স গ্ৰুপৰ সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা সভাত কণ্ঠ শিল্পী ৰঞ্জিত ৰজক আৰু কণমানি শিল্পী অশোক মৰাঙে গীত, ৰিম্পী লইঙে নৃত্য আৰু অৰ্পিতা লইঙে কবিতা আবৃত্তি কৰে। ইপিনে স্বলব্ধ কবি জয়ন্ত মৰাং আৰু কবি শিল্পী ডিম্বেশ্বৰ মৰাঙে স্বৰচিত কবিতা পাঠ কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে দিচৈ আৰু দুসুঁতিমুখ গাওঁ পঞ্চায়তৰ সভাপতি নৰেন বড়ি আৰু পুষ্পৰাম পাটগিৰি, আঞ্চলিক পঞ্চায়তৰ সদস্যা নিপা লইং, ছাত্ৰ নেতা সুৰেশ বড়ি আদিয়ে উপস্থিত থাকে। ইপিনে আজি পুৱা ভাগত জয়ন্ত মাধৱ মৰাং আৰু পৱন কামানেও আঁত ধৰা মুক্তি যোদ্ধা চাৰু চন্দ্ৰ লইং সোঁৱৰণী মুকলি প্ৰাইজমণি কুইজ প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰে চাৰু চন্দ্ৰ লইংৰ কনিষ্ঠা কন্যা সৰুমাই লইং আৰু মুক্তি যোদ্ধা লইংৰ জীৱনী সম্পৰ্কত চমু আভাস দিয়ে সুমেশ্বৰ লইঙে। ইয়াৰ পিছতে ডেৰকুৰী প্ৰাথমিক বিদ্যালয়ৰ নির্বাচিত প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বংকুৱাল হাইস্কুলৰ প্ৰধান শিক্ষক জীৱন ডেকাই। শিক্ষক পৰাণ মৰাঙৰ নেতৃত্বত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত ২ নং বৰটিকা এল পি স্কুলৰ সুৰজিত মৰাং প্ৰথম , ১ নং গৰৈমাৰি এল পি স্কুলৰ দীপক দাস আৰু কাঠনিবাৰী এল পি স্কুলৰ জ্ঞানজ্যোতি দলেয়ে দ্বিতীয় স্থান আৰু বৰটিকা আদৰ্শ এল পি স্কুলৰ বিশ্বৰঞ্জন মৰাং আৰু তন্ময় মৰাঙে তৃতীয় স্থান লাভ কৰে। কুইজ প্ৰতিযোগিতাতৰ বিজয়ী প্ৰতিযোগী সকলক মুকলি সভাত মান পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে। ইপিনে অলপতে গুৱাহাটী ক্ৰিয়েটিভ আইজ ৰ উদ্যোগত সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকা সোৱৰণত ৰাজ্যিক ভিত্তিত আয়োজিত চিত্ৰঙ্কন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপক নিকৰি বৰতলৰ ছাত্ৰ জন লইঙক গ্ৰন্থ আৰু বস্ত্ৰৰে সংস্থাই অভিনন্দন জনায়। উল্লেখযোগ্য যোগ্য যে মুখ্যমন্ত্ৰী পদক প্ৰাপক সুদক্ষ আৰক্ষী বিষয়া দেব জিৎ কুমাৰ বৰিক কমাৰগাঁও আৰু মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থা, টি এম পি কেৰ উত্তৰ মহুৰা, দিচৈ, দুসুঁতিমুখ আঞ্চলিক সমিতি, লুইত পৰীয়া কবি সন্মিলনকে ধৰি অৰ্ধশতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে সম্বৰ্ধনা পত্ৰ আৰু জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনায়। প্ৰেছ দিৱসৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি মহেন শইকীয়া আৰু স্মৃতি তৰ্পন কৰে সংস্থাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ ৰবি দাসে। উল্লেখযোগ্য যে প্ৰবীন সাংবাদিক বিমল আগৰৱালাই স্বাস্থ্যজনিত কাৰণত আজিৰ মুকলি সভাত সম্বৰ্ধনা গ্ৰহণ কৰিব নোৱাৰিলে।