বোকাখাতত পথ দুৰ্ঘটনা। নিহত এজন

কাজিৰঙা লাইভ, বোকাখাত, ১৭ নৱেম্বৰ: বোকাখাতৰ লখৌজানত আজি সন্ধ্যা আল্ট্ৰা বাছ আৰু প্লেটিনা মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হয় ৷ যোৰহাটৰ দিশৰ পৰা আহি থকা মটৰ চাইকেলখনত বিপৰীত দিশৰ পৰা অহা আল্ট্ৰা বাছখনে প্ৰচণ্ড জোৰত খুন্দা মৰাত মটৰ চাইকেল আৰোহীজন থিতাতে নিহত ৷ মটৰ চাইকেল আৰোহীজনৰ নাম জানিব পৰা হোৱা নাই ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই আল্ট্ৰা বাছখন পলায়ণ কৰে যদিও কমাৰগাঁও আৰক্ষীয়ে জব্দ কৰে পলায়ণ কৰা বাছখন ৷ আল্ট্ৰা বাছখনৰ নম্বৰ AS 03 BC 7407 আৰু প্লেটিনা মটৰ চাইকেলখনৰ নম্বৰ AS 05 L 6989 ৷

Leave a Reply

Your email address will not be published. Required fields are marked *