বোকাখাতত আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ উকিল সন্থাৰ ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ নৱেম্বৰ: যি সময়ত অসমৰ আৰক্ষী বিভাগটোক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ঠিক তেনে সময়তে একাংশ যানবাহন আৰক্ষী বিষয়াই দুৰ্নীতি আৰু মইমতালিয়ে বিভাগটোত চেকা লগোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ খোদ আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছে বোকাখাত অধিবক্তা সন্থাই ৷ বোকাখাত অধিবক্তা সন্থাৰ সভাপতি দিপালী হাজৰিকা আৰু সম্পাদক জগত চন্দ্ৰ কলিতাই বোকাখাত যানবাহন আৰক্ষীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক। বোকাখাত সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তক দাখিল কৰা লিখিত অভিযোগ অনুসৰি একাংশ যানবাহন আৰক্ষীয়ে নিজ খেয়াল খুচি মতে কাম কৰি ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈছে ৷ সেই অনুসৰি একাংশ যানবাহন আৰক্ষীয়ে যানবাহন দুৰ্ঘটনাৰ গোচৰ বিগত সময়ত চোৱাত গোলাঘাটৰ এগৰাকী নিদিষ্ট অধিবক্তাক দিয়া বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, গোলাঘাট জিলাৰ ভিতৰত বোকাখাতেই সৰ্বাধিক যানবাহন দুৰ্ঘটনাৰ পঞ্জীয়ন হয় ৷ কিন্তু একাংশ যানবাহন আৰক্ষীয়ে কমিচনৰ লোভত দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালক ভয় আৰু ভাবুকিৰে প্ৰলোভিত কৰি পুৰ্বৰে পৰা মেনেজ কৰি থোৱা উক্ত অধিবক্তাজনৰ জৰিয়তে গোচৰ চলাবলৈ নিৰ্দেশ দিয়ে ৷ এই ক্ষেত্ৰত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক অনুৰোধ জনাইছে বোকাখাত অধিবক্তা সন্থাই ৷ ইতিমধ্যে, এই লিখিত অভিযোগ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকলৈও প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ স্মাৰ্ট আৰক্ষীক কলুষিত কৰা বোকাখাতৰ একাংশ যানবাহন আৰক্ষী বিষয়াৰ বিৰুদ্ধে সম্প্ৰতি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হে হ’ব লক্ষণীয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *