বোকাখাতত গনেশ চন্দ্র কুৰ্মীৰ স্মৃতি চাৰন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ ডিচেম্বৰঃ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গনেশ চন্দ্র কুৰ্মীৰ স্মৃতিচাৰন সভা আজি বোকাখাতৰ চাহ মজদুৰ সংঘৰ গৃহত অনুষ্ঠিত হয়। অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা আৰু বোকাখাত শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত আজি বন্তি প্ৰজ্বলন কৰে হৰিবোলা কালিন্দীয়ে, মাল্যদান কৰে শিল্পী বিজয় শৰ্মাই, স্মৃতি তৰ্পন কৰে পদুমী গাজলুৱে। কুলামন কৰ্মকাৰৰ সভাপতিত্বত হোৱা সভাত মাখন লাল বাঢৈয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। বিশিষ্ট অতিথি হিচাবে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোমতী কুৰ্মী, প্ৰধান সম্পাদক মনীষ ঠাকুৰে ভাগ লয়। লগতে যোৰহাটৰ মানিক লাল মাহাতু, অৰুন ৰাজুৱাৰ, স্থানীয় অপূর্ব বৰদলৈ, নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *