প্ৰথমবাৰৰ বাবে লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত জলচৰ পক্ষী গননা সম্পন্ন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ জানুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাচতে আজি কাজিৰঙা বাঘ্ৰ প্ৰকল্পৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যতো জলচৰ পক্ষী গননা চলোৱা হয় ৷ আজি পুৱা অভয়াৰণ্য খনৰ মুঠ ৮ টা স্থানত এই গননা কৰা হয় ৷ আজি পুৱতি নিশা অভয়াৰণ্যখনৰ ধনিয়া বনাঞ্চলৰ বিভাগীয় অতিথিশালাত আয়োজিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে আনুষ্ঠানিক ভাৱে গননাৰ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ টি চি ৰঞ্জিত ৰাম, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা , অভয়াৰণ্য খনৰ বনাঞ্চলিক বিষয়া ড৹ বিভূতি ৰঞ্জন গগৈ, জ্ঞানেন্দ্ৰ মণ্ডল আৰু অৰবিন্দ ডেকাৰ উপৰিও নগাওঁ জিলা আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন ক্ৰমে সমৰজিত ওজা আৰু উত্তম শইকীয়াও উপস্থিত থাকে ৷ প্ৰথম বাৰৰ বাবে অভয়াৰণ্য খনত চলোৱা জলচৰ পক্ষীৰ এই গননাত বিশিষ্ট পক্ষীবিদ কাজিৰঙাৰ ৰফিকুল ইচলাম , তেজপুৰৰ অনুজ শইকীয়া , মাচিহ আহমেদ খান , নগাওঁৰ নীৰজ বৰা আৰু চিৰঞ্জীৱ বৰা , ধিংৰ সুৰঞ্জন দেৱনাথ আৰু ডেৰাডুনৰ বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ ওমৰ চৈয়দ আৰু মুজাহিদ আহমেদৰ লগতে অষ্টম মান শ্ৰেণী ছাত্ৰী এছ এছ ইলাক্কিয়াই গননাকাৰী হিচাবে অংশগ্ৰহন কৰে ৷ গননাৰ শেষত বিয়লিলৈ সকলো গননাকাৰীয়ে একেলগে আজিৰ গননাৰ তথ্য সমুহৰ লৈ এক আলোচনাত মিলিত হয় ৷ সকলো তথ্য সম্পাদনা কৰাৰ পাচতেই আজিৰ গননাৰ বিভাগীয় তথ্য পৰৱৰ্তী সময়ত প্ৰকাশ পাব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *