কাজিৰঙাত হিন্দী বোলছবিৰ অভিনেতা সম্ৰাট মূখাৰ্জী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ জানুৱাৰী: কাজিৰঙাত উপস্থিত হিন্দী আৰু বঙালী বোলছবিৰ অভিনেতা সম্ৰাট মূখাৰ্জী ৷ হিন্দী বোলছবি চবছে বঢ় কৰ হাম, আখ মে স্বপ্নে লিয়ে, ব্লু আম্ব্ৰেলা, ৰাম অৰ শ্যাম, ছৰ আখ’ পৰ আদিৰ লগতে বঙালী বোলছবিত অভিনয় কৰা সম্ৰাট মূখাৰ্জীয়ে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙাৰ মোহত পৰা অভিনেতা জনে প্ৰতি বছৰে এবাৰ কাজিৰঙালৈ আহি পাৰ কৰে অৱসৰৰ দিন ৷ তিনিটা দিন কাজিৰঙাত পাৰ কৰাৰ উৰ্দ্দেশ্যেৰে উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি আৰু কহঁৰা বনাঞ্চল দৰ্শন কৰি কেমেৰাত বন্দী কৰে কাজিৰঙাৰ সৌন্দৰ্য ৷ আনহাতে অভিনেতা জনে মন্তব্য কৰে যে কাজিৰঙাকলৈ ছবি বা তথ্যচিত্ৰ কৰাৰ পৰিকল্পনা আছে ৷ কিন্তু পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাৰ আন্ত:গাঠনি উন্নত মানৰ নহয় ৷ কাজিৰঙাৰ পৰ্যটনৰ প্ৰসাৰ আৰু প্ৰচাৰৰো তেওঁ পোষকতা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *