কাৰ্বি আংলঙত শ শ বিঘা মাটি বেদখলকাৰীৰ কৱলত। চলিব উচ্ছেদ অভিযান।
![](https://www.kazirangalive.in/wp-content/uploads/2020/03/Screenshot_20200310-200231-1-1024x576.png)
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ মাৰ্চ: শীঘ্ৰেই কাৰ্বি আংলংত চলিব বেদখল উচ্ছেদ ৷ কাজিৰঙাত ঘোষণা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ। উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত সন্দেহজনক লোকে বেদখল কৰি থকা বুলি ইতিমধ্যে বহুবাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত অভিযোগৰ ভিত্তিতেই কাজিৰঙাৰ স্থিত কাৰ্বি আংলং জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ অতিথিশালাত কাৰ্বি আংলং জিলাৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত কাৰ্বি আংলং জিলাৰ সাংসদ হৰেন সিং বে ৰ লগতে কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বেদখল হোৱা বুলি স্বীকাৰ কৰি কয় যে কাৰ্বি আংলং জিলাত শীঘ্ৰেই বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। লগতে, কাৰ্বি আংলং জিলাৰ কঁহৰা ভূমি সংৰক্ষণ বিভাগৰ কাজিৰঙাত থকা ১৮০০ হেক্তৰ ভূমিৰ অধিকাংশই বেদখলকাৰীৰ কৱলত। সেই ভূমিও পুনৰ উদ্ধাৰ কৰা হব বুলি জানিবলৈ তুলিৰাম ৰংহাঙে। আনহাতে, ৰাজ্য সভাৰ সাংসদৰ বাবে কাৰ্বি আংলং জিলাৰ পৰা এগৰাকী সাংসদ নিৰ্বাচিত কৰিবলৈ চৰকাৰক দাবী জনাই মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে ৷