ব্ৰহ্মপুত্ৰৰ চাপৰিত কৰ্মৰত বনকৰ্মীলৈ আৰণ্যকৰ দ্বাৰা চাইকেল প্ৰদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলৰ ভক্তে বনশিৱিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত আজি দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে চাপৰি অঞ্চলত বন্যপ্ৰাণী সুৰক্ষাৰ কামত নিয়োজিত বনকৰ্মী সকলৰ বাবে চাইকেল প্ৰদান কৰে ৷ ব্ৰহ্মপুত্ৰৰ মাজত থকা বনাঞ্চলৰ শিশুবাৰী , গাভৰু , মৰিয়াহোলা আৰু ভক্তে বন শিৱিৰৰ বাবে আৰণ্যকে ৬ খন চাইকেল প্ৰদান কৰে ৷ এই উদ্দেশ্যে ভক্তে চাপৰিৰ বন শিৱিৰ প্ৰাঙ্গনত আয়োজিত বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ , আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ, উপ বন সংৰক্ষক , প্ৰদীপ বাৰ্মা আৰু খৰ্গ ৰাম ডেকাৰজা, সহকাৰী বন সংৰক্ষক ঋৃতুপৱন বৰা, বোকাখাতৰ বনাঞ্চলিক বিষয়া ডা৹ ইন্দ্ৰাণী বৰগোহাঁইৰ লগতে চাপৰিত থকা বনশিৱিৰবোৰৰ বনকৰ্মী সকল উপস্থিত থাকে ৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু খণ্ড বনবিষয়া তৰুণ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত চাইকেল প্ৰদান কৰি ড৹ বিভৱ কুমাৰ তালুকদাৰে কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ ওলায় যোৱা গড়ঁৰ সুৰক্ষাৰ বাবে বনকৰ্মী সকলে আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে আৰণ্যকে আগবঢ়োৱা চাইকেলৰ দ্বাৰা বনকৰ্মী সকল কৰ্তব্যৰ সময়ত উপকৃত হ’ব বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত বক্তব্য আগবঢ়াই কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে বনকৰ্মীলৈ চাইকেল প্ৰদান কৰাৰ বাবে আৰণ্যকক ধন্যবাদ জনোৱাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ বনকৰ্মী সকলক আহ্বান জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *