অসমীয়া সমাজ জীৱনৰ দীপ্তিময়ী জ্যোতিষ্ক হোমেন বৰগোহাঞি দেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি। লেখা: বন্তি বৰা, সম্পাদক ,গোলাঘাট জিলা সাহিত্য সভা

সম্ভৱতঃ পৃথিৱীৰ সেইজন ব্যক্তিয়েই সকলোতকৈ ধনী আৰু সবাতোকৈ শক্তিশালী ,যাৰ অন্তৰত থাকে প্ৰচণ্ড আত্মবিশ্বাস,সততা আৰু জ্ঞানৰ জ্যোতিৰে উজ্জ্বলি থকা মুখমণ্ডল । তেনে এক ব্যক্তিত্বৰ অধিকাৰী আছিল সমগ্ৰ অসমবাসীৰ অতি শ্ৰদ্ধাৰ প্ৰথিতযশা সাহিত্যিক ,অসম সাহিত্য সভাৰ সভাপতি, সাংবাদিক, সমালোচক,কবি, গল্পকাৰ হোমেন বৰগোহাঞি দেৱ।তেখেতে জীৱনজোৰা অধ্যৱসায় আৰু প্ৰজ্ঞাৰ সাধনাৰে নিজক শক্তিশালী ব্যক্তিত্বৰে গঢ়ি তুলিছিল। তেখেতৰ যি সততা আৰু স্পষ্টবাদিতা আছিল সেয়া নৱ প্ৰজন্ম‌ই অনুকৰণ কৰা উচিত। অৰ্থাৎ শিকা উচিত।
হোমেন বৰগোহাঞি দেৱে তেখেতৰ সাহিত্যৰাজিৰ জৰিয়তে অসমীয়া পাঠক সমাজক বিশ্ব সাহিত্যৰ লগত চিনাকি কৰি দিবলৈ প্ৰতিক্ষণে চেষ্টা কৰি গ’ল। তেখেতৰ গ্ৰন্থ সমূহ অধ্যয়ন কৰিলে আমি সততে পাওঁ বিশ্ব সাহিত্যৰ যশস্বী সাহিত্যিক , দাৰ্শনিক সকলৰ নাম আৰু জীৱনাদৰ্শ। বিভিন্ন ৰচনাৰ মাধ্যমেৰে তেখেতে বহুজন পাঠকৰ মানসিক পৰিপুষ্টি সাধন কৰিব পাৰিছিল। প্ৰকৃততে তেখেত আছিল ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী। তেখেতৰ ৰচনাৰাজিও গতানুগতিক নাছিল।নিত্য নতুন সৃষ্টিৰাজিয়ে সকলোকে আকৰ্ষণ কৰিব পাৰিছিল। নতুন নতুন ভাবনাই তেখেতৰ মনত দোলা দিছিল আৰু শক্তিশালী কলমত তাৰেই স্বতস্ফূৰ্ত প্ৰকাশ ঘটিছিল। নতুনত্বক অগ্ৰাধিকাৰ দিয়া এই গৰাকী মহীৰূহে ‘কিতাপ পঢ়াৰ আনন্দ’ নামৰ গ্ৰন্থ খনৰ দ্বাৰা সকলোকে কিতাপক ভাল পাবলৈ শিকাইছিল।পিতা-পুত্ৰ,অস্তৰাগ,সুবেলাকে ধৰি তেখেতৰ গ্ৰন্থ সমূহে সকলোৰে মন জিনিবলৈ সক্ষম হৈছিল।
মুক্ত আৰু আধুনিক মনৰ লেখক হোমেন বৰগোহাঞি দেৱৰ গল্প সংকলন ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’ৰ প্ৰতিটো গল্প‌ই মানৱ জীৱনৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰিছে। অসমীয়া সাহিত্য জগতৰ দীপ্তিময়ী জ্যোতিষ্ক বৰগোহাঞি দেৱে পঞ্চাশৰ দশকৰ পৰা বৰ্তমানৰ মৃত্যু পৰ্যন্ত যিমান খিনি সৃষ্টি অসমীয়া সাহিত্যলৈ আগবঢ়ালে সেই খিনি অসম আৰু অসমীয়াৰ বাবে দিক দৰ্শক হৈ ৰ’ব।
জীৱনৰ ৮৯টা বসন্ত গৰকা এইগৰাকী চিৰ তৰুণ সময়ৰ সদ্ব্যৱহাৰ ক্ষেত্ৰত সদায় অতি সচেতন আছিল।তেখেতে ‘পাঠকৰ টোকাবহী’ত এনেদৰে উল্লেখ কৰিছে —তেওঁ ৰাছিয়াৰ বিখ্যাত সুৰকাৰ চাইকভস্কিক নকল কৰি তেওঁ কেইবছৰমানৰ পৰা মানুহক লগ কৰা সময় মাত্ৰ দুটা দিন ধাৰ্য কৰি লৈছিল। তেওঁৰ যুক্তি হ’ল সকলো কামৰে নিদ্দিষ্ট সময়‌ থাকিব লাগে। কিয়নো লেখক সকলে লেখোতে নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত গভীৰ মনোনিবেশ দিব লগা হয় । এনে সময়ত মাজতে উঠি গৈ কাৰোবাক লগ কৰিব লগা হ’লৈ ভাবৰ গতিত যতি পৰে। তেখেতৰ গ্ৰন্থ সমূহৰ পৰা এনেবহু গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ। অৱশ্যে তেখেতৰ কিতাপৰ বিশাল সাগৰত বিচৰণ কৰাটো সম্ভৱ নহয়। তথাপি যি কেইখন ইতিমধ্যে পঢ়িছোঁ তাৰ পৰা ধাৰণা এটা কৰিছোঁ।
তেখেতে বিশ্বাস কৰিছিল পৰিশ্ৰমেই হ’ল সকলো মূল্যৱান বস্তুৰ একমাত্ৰ মূল্য। যিসকল লোকক আমি আটাইতকৈ মহৎ বুলি জ্ঞান কৰোঁ ,সেই সকলৰ সহজাত প্ৰতিভা থাকিলেও অক্লান্ত পৰিশ্ৰম আৰু অধ্যৱসায়ৰ অবিহনে তেওঁলোকে নিজৰ সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। ইত্যাদি অনেক বহুমূলীয়া কথাৰে অসমীয়া জাতিক তেখেতে উদ্বুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল।
হোমেন বৰগোহাঞি দেৱ কেৱল ব্যক্তি নাছিল আছিল এক বিশাল অনুষ্ঠান।বটবৃক্ষৰ দৰে অসমীয়া জাতিক ছাঁ দি থকা ব্যক্তি গৰাকীৰ মহাপ্ৰয়াণত অসমীয়া সমাজ অভিভাৱকহীন হৈ পৰিল। বৌদ্ধিক সমাজতো বিশাল শূন্যতা সৃষ্টি কৰি বৰ্ণময় যুগৰ অৱসান ঘটিল।

বৰ্তমান সময়ত সমাজ জীৱনত তেখেতক বহুত প্ৰয়োজন আছিল বুলি মোৰ অনুভৱ হয়। অনুভৱ হয় পৰম সৌভাগ্য হ’লেহে কোনো এটা জাতিৰ জীৱনলৈ এনে মহান ব্যক্তিৰ আগমন হয়। ভগৱান প্ৰেৰিত এই সকল ব্যক্তিৰ প্ৰতি অসমীয়া জাতিয়ে অৱহেলা কৰিলে জাতিটোৰে বিস্তৰ ক্ষতি হ’ব।
সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতিভূ বৰগোহাঞি ডাঙৰীয়াই অসমীয়া সাহিত্য আৰু সাংবাদিক জগতত নিজাকৈ যি স্বৰ্ণিল বাট কাটিবলৈ সক্ষম হ’ল তাৰ যোগেদিয়েই তেখেতৰ মহাজীৱনৰ মহাপ্ৰয়াণ হ’লেও উত্তৰ পুৰুষে সদায় মনত ৰাখিব।
শেষত,
,হে মহান, আপোনাৰ স্বৰ্গীয় আত্মা অনন্ত জনৰ অনন্ত জ্যোতিৰ লগত বিলীন হৈ পৰম্পদ লাভ কৰক তাকে কামনা কৰি আপোনাৰ চৰণত এগৰাকী গুণমুগ্ধ‌ হিচাপে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *