শ্বহীদ নগৰী ঢেকিয়াজুলিত অনুষ্ঠিত হয় সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ,পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী সভা এইবাৰৰ ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠকৰ বঁটা মৰণোত্তৰ ভাৱে প্ৰদান কৰা হয় প্ৰয়াত বীনা ডেকাক ৷

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, ২৪ জুলাই: শনিবাৰে ঢেকিয়াজুলিস্থিত ড° ভূপেন হাজৰিকা সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী সভা আৰু ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠকৰ বঁটা প্ৰদান অনুষ্ঠান ৷
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মুখ্য পৃষ্ঠপোষক নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ স্মৃতিত সমিতিয়ে ২০১৩ চনৰেপৰা প্ৰতি বছৰে সমিতিৰ তৃণমূল পৰ্যায়ত নিষ্ঠাৰে কাম কৰা এগৰাকী সদস্যালৈ বৰঠাকুৰ পৰিয়ালে আগবঢ়াই আহিছে সু-সংগঠকৰ বঁটা। বিগত বছৰবোৰৰ দৰেই ২০২২ বৰ্ষৰ বাবে মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হয় ডুমডুমাৰ বীণা ডেকাক ৷

শনিবাৰৰ অনুষ্ঠানটিত ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷ মাল্য প্ৰদান কৰে ষড়ানন বৰঠাকুৰৰ পুত্ৰ ড° সঞ্জীৱ বৰঠাকুৰে ৷ ষড়ানন বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাজ্যিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈয়ে ৷ মাল্য প্ৰদান কৰে ঢেকিয়াজুলি শাখাৰ সভানেত্ৰী অনুপমা দাসে ৷ স্মৃতি তৰ্পণ কৰে উপসভানেত্ৰী মামণি ভূঞা হাজৰিকা আৰু মনোমতী কুৰ্মীৰ লগতে জিলা আৰু শাখাৰ সভানেত্ৰী ও সম্পাদিকা সকলে ৷
অনুষ্ঠানটিৰ আৰম্ভণিতে এটি সমবেত সংগীত পৰিবেশন কৰিলে ঢেকিয়াজুলি শাখাৰ সদস্যাসকলে ৷ তাৰপাছতেই আৰম্ভ হোৱা মুকলি সভাত পৌৰহিত্য কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ড° চাৰু চহৰীয়া নাথে ৷ উদ্বোধন কৰে শিশু সাহিত্যিক তথা বিশিষ্ট লেখিকা নীলিমা বৰাই ৷ আদৰণী ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰুমা দেৱীয়ে ৷ প্ৰধান সম্পাদিকা ড° থুনু কলিতাই অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে শোক প্ৰস্তাৱ পাঠ কৰে ৷ ৰাজ্যিক সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে ড° শীলা বৰঠাকুৰৰ বৰ্ণময় কৰ্মজীৱনৰ স্মৃতি চাৰণ কৰি কয় যে তেখেত কেৱল এগৰাকী নাৰী নহয় – এক অনুষ্ঠান তেখেত ৷ তেখেত প্ৰজ্ঞাৰ সাধনাৰে জাতিৰ সাহিত্য-সংস্কৃতিৰ তথা জনকল্যাণৰ হকে উচৰ্গিত এগৰাকী মহীয়সী নাৰী ৷কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে তেখেতৰ বক্তব্যত নাৰীশক্তিৰ বাটকটীয়া স্বনামধন্য চন্দ্ৰপ্ৰভা শইকীয়াৰ উপৰিও ড° শীলা বৰঠাকুৰ আৰু ষড়ানন বৰঠাকুৰৰ সন্দৰ্ভত বলিষ্ঠ আৰু বহুমূলীয়া ভাষণেৰে উপস্থিত সকলোকে মোহিত কৰে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° যোগেন শইকীয়া ৷ ড° শীলা বৰঠাকুৰৰ জীৱন আৰু কৃতী বিষয়ক বক্তৃতানুষ্ঠানৰ বক্তা বিশিষ্টা লেখিকা তথা উপ সভানেত্ৰী দৰ্পণা বৰা নেওগে তেখেতৰ বক্তব্যত ড° শীলা বৰঠাকুৰৰ বিশাল কৰ্মৰাজীৰ বিশদ বিৱৰণ দাঙি ধৰি কয় যে মহিলা সৱলীকৰণৰ সমান্তৰালভাৱে মহিলা সকলক এখন সুন্দৰ মঞ্চ দি যোৱা বাইদেউৱে এই সমিতিৰ বাবে নিজকে উচৰ্গা কৰিছিল ৷ নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ জীৱন আৰু কৃতীৰ বক্তৃতানুষ্ঠানৰ নিৰ্দিষ্ট বক্তা ঢেকিয়াজুলি মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ বৰাইও তেখেতৰ বক্তব্যত ষড়ানন বৰঠাকুৰে সমাজ জীৱনলৈ আগবঢ়োৱা তেখেতৰ অনবদ্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

বঁটা প্ৰদান অনুষ্ঠানত ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠকৰ বঁটা মৰণোত্তৰ ভাৱে প্ৰদান কৰা হয় ডুমডুমাৰ প্ৰয়াত বীণা ডেকাক ৷তেখেতৰ হৈ বঁটা গ্ৰহণ কৰে দিব্যলতা ডেকাই ৷আজিৰ এই অনুষ্ঠানটিতেই কল্পনা কলিতাৰ দুখন গ্ৰন্থও উন্মোচন কৰা হয় ৷সভাৰ মাজতেই এটি সুমধুৰ গীতেৰে সকলোকে আপ্লুত কৰি পৰিবেশটো জীপাল কৰি তুলিলে ঢেকিয়াজুলি শাখাৰ শিল্পী কৃষ্ণা শৰ্মা বৰাই ৷

শোণিতপুৰ শাখাৰ সম্পাদিকা ৰূপালী বৰাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে ঢেকিয়াজুলি শাখাৰ সম্পাদিকা ৰুণজুন নাথেও উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *