কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদকলৈ গোলাঘাট জিলা শ্ৰেষ্ঠ সক্ৰিয় সাংবাদিকতা বঁটা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ জুন: কাজিৰঙাৰ আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজকক গোলাঘাট জিলা শ্ৰেষ্ঠ সক্ৰিয় সাংবাদিকতা বঁটা প্ৰদান। গোলাঘাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উদযাপন উপলক্ষে এই বঁটা প্ৰদান কৰা হয়। দেওবাৰে গোলাঘাট পৌৰসভা ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাজিৰঙাৰ জেষ্ঠ সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰা হয়।লগতে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তক জীৱনজোৰা সাধনা সাংবাদিক বঁটা, সংগীত মাধুৰ্য্য বঁটা প্ৰদান কৰা হয় জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইক।একেটা অনুষ্ঠানতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে বঁটা প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *