উত্তৰ পূৱ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ভাৰতীয় মহাকাশ দিৱস উদযাপন ৷
পলিমা বি চেতিয়া,ঢেকিয়াজুলি,১৭ আগষ্ট : দিনযোৰা কাৰ্যসূচীৰে অতি গাম্ভীৰ্যপূৰ্ণভাৱে ১৬ আগষ্টৰ দিনা উত্তৰ পূৱ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ যায় ভাৰতীয় মহাকাশ দিৱস ৷
উত্তৰ পূৱৰ আঠখন ৰাজ্য আৰু পশ্চিমবংগত মহাকাশ দিৱসৰ আয়োজন কৰা উত্তৰ পূৱ মহাকাশ কেন্দ্ৰই কালি ১৬ আগষ্টৰ দিনা মাণ্ডলিক পৰ্যায়ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই দিৱসৰ আয়োজন কৰে৷
পূৱা দহ বজাৰ পৰা শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ উত্তৰ পূৱ উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে অনলাইনযোগে সকলোকে মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু বিভিন্ন ক্ষেত্ৰত বিশেষকৈ উত্তৰ পূৱৰ ৰাজ্য সমূহৰ বিকাশৰ গতিক এক অনন্ত মাত্ৰাৰে ত্বৰান্বিত কৰি তোলাৰ ক্ষেত্ৰত মহাকাশ বিজ্ঞানে কিদৰে সহায় কৰিছে সেই সন্দৰ্ভত এক তথ্যসমৃদ্ধ ব্যাখ্যা দাঙি ধৰে ৷
অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব শ্ৰীমতী লয়া মাদুৰীয়ে এনে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে উত্তৰ পূৱ মহাকাশ কেন্দ্ৰক ভূয়সী প্ৰশংসা কৰে৷ বাংগালোৰস্থিত ইউ আৰ ৰাও চেটেলাইট কেন্দ্ৰৰ বিশিষ্ট বিজ্ঞানী শ্ৰী চয়ন দত্তই চন্দ্ৰযানৰ আটাইকেইটা মিচনৰ বিশদ বিৱৰণ দাঙি ধৰে৷হিউমেন স্পেচ ফ্লাইট কেন্দ্ৰৰ বিজ্ঞানী শ্ৰী অনুৰাগ সিনহাইও প্ৰাসংগিক বিষয়ত এক তথ্যভিত্তিক বক্তৃতা প্ৰদান কৰে৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক মাধুৰ্য্য পি বৰাই মহাকাশ যাত্ৰাৰ বিভিন্ন বিষয় সামৰি এক সাৰুৱা বক্তৃতা প্ৰদান কৰে৷ ইন স্পেচৰ বিজ্ঞানী শ্ৰী গণেশ মোহনে বেচৰকাৰী খণ্ডত মহাকাশ বিজ্ঞান প্ৰয়োগ আৰু ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ সম্ভাৱনীয়তাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে৷ আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড° বিভৱ কুমাৰ তালুকদাৰে বন আৰু বন্যপ্ৰাণী সংৰক্ষণত মহাকাশ বিজ্ঞানৰ প্ৰয়োগৰ সম্পৰ্কত এক বক্তৃতা প্ৰদান কৰে৷
উল্লেখ্য যে,মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ জয়ধ্বজা উৰুৱাই ভাৰতীয় মহাকাশ কেন্দ্ৰ (ISRO) ই ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান -৩ ৰ জৰিয়তে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ‘ভাৰ ৰ সফল অৱতৰণৰ এক ঐতিহাসিক দিন ৷ ভাৰত এনে খ্যাতি লাভ কৰা বিশ্বৰ চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ৷এনে ঐতিহাসিক সফলতাক মহীয়ান কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৩ আগষ্ট দিনটোক মহাকাশ দিৱস হিচাপে ঘোষণা কৰে৷মহাকাশ দিৱস পালনৰ অংশ হিচাপে কালি কলাক্ষেত্ৰ প্ৰাংগণত এক প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ৷ইয়াৰ লগতে স্পেচ্ অন হুইলৰ ভ্ৰাম্যমাণ প্ৰদৰ্শনীয়ে ছাত্ৰ-ছাত্ৰীক যথেষ্ট আকৰ্ষিত কৰা পৰিলক্ষিত হয়৷
উত্তৰ পূৱ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ কাৰ্যক্ৰম পৰিকল্পনা আৰু মূল্যায়ন বিভাগৰ মুৰব্বী ড° বিজয়কৃষ্ণ সন্দিকৈৰ নেতৃত্বত আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম ৰাজ্যিক মহাকাশ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজু,অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সঞ্চালক জয়দীপ বৰুৱা,ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠানৰ আগৰতলাৰ সঞ্চালক ড° এচ কে পাত্ৰ,উত্তৰ পূৱ পৰিষদ শ্বিলঙৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সঞ্চালক ড° টানুং জামন প্ৰমুখ্যে বহু সংখ্যক বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।